আজিৰ পৰা 'অসম গ্রন্থমেলা' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 28 December 2021

আজিৰ পৰা 'অসম গ্রন্থমেলা'

 



অসম অভিযন্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত প্ৰস্তুতি সম্পূৰ্ণ




W7s News ষ্টাফৰিপোর্টাৰ: '২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব ' 'অসম গ্রন্থমেলা'।  অসম অভিযন্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত মঙলবাৰে অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই। তেওঁ লগতে কয়- অসম অভিযন্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত এইবাৰ প্ৰথম বাৰৰ বাবে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত এইবাৰ ১২ দিনীয়া কাৰ্যসূচীৰে 'অসম গ্ৰন্থ মেলাৰ' অনুষ্ঠিত হ'ব। এইবাৰ ১৫০ টা গ্ৰন্থ প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব। ইয়াৰ ভিতৰত ঢাকাৰ পৰা ১০ টা গ্ৰন্থ প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰিব। বুধবাৰে বিয়লি ৩ বজাত অসম গ্ৰন্থমেলা উদ্বোধন কৰিব অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ, শিক্ষামন্ত্রী ডাঃ ৰনোজ পেগুৱে। উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়া,উপস্থিত থাকিব। তদুপৰি  বিশিষ্ট লেখক, প্ৰকাশক লীলাধৰ মাণ্ডলই শাৰীৰিক অসুস্থতাৰ বাবে এতিয়াও বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ নিশ্চয়তা দিয়া নাই। সভাত সন্মানীয় অতিথি হিচাপে শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্ত উপস্থিত থাকিব। লগতে প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২১ প্ৰদান কৰা হ'ব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে। বৃহস্পতিবাৰে জ্ঞানপীঠ বঁটাৰে সন্মানিত কবি নীলমণি ফুকনক সম্বৰ্ধনা জনোৱা হ'ব। অসম গ্ৰন্থমেলা পুৱা ১১ বজাৰ পৰা নিশা ৮ বজালৈ গ্ৰন্থানুৰাগীৰ  বাবে মুকলি থাকিব। তদুপৰি প্ৰৱেশ টিকটৰ মূল্য ১০ টকা ধার্য কৰা হৈছে আৰু ১০০ টকীয়া চিজন টিকটৰ ব্যৱস্থা কৰা হৈছে। ছাত্র-ছাত্রীৰ বাবে প্ৰৱেশ বিনামূলীয়া হ'ব। সেইদৰে ৩১ ডিচেম্বৰত 'আসাম বিলাসিনী' কাকতৰ প্ৰকাশৰ ডেৰশ বছৰ উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পহিলা জানুৱাৰীত যুৱ লেখকৰ সাহিত্যানুষ্ঠান অনুষ্ঠিত হ'ব।৯ দিনীয়া অসম গ্ৰন্থমেলাৰ  কাৰ্যসূচীত সাহিত্য অকাডেমিৰ অনুষ্ঠান, শিশুৰ দিন আদি বিভিন্ন কাৰ্যসূচী থাকিব। সেইদৰে ৯ জানুৱাৰীৰ সামৰণি অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে গোৱাৰ  বিশিষ্ট সাহিত্যিক, জ্ঞানপীঠ বঁটাৰে সন্মানিত দামোদৰ মাউজো, বিশিষ্ট অতিথি হিচাপে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো উপস্থিত থাকিব। সিদিনা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীয়ে। ক'ভিড বিধি মানি এইবাৰ 'অসম গ্ৰন্থ মেলাৰ' আয়োজন কৰা হৈছে। লগতে পাৰ্কিংৰো সু-ব্যবস্থা কৰা হৈছে ।' সংবাদ মেলত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে কয় ' এইবাৰ সৰহ সংখ্যক অসমৰ গ্ৰন্থ প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰিছে ।এইবাৰ তিনি শতাধিক নতুন গ্ৰন্থ  অসম গ্ৰন্থমেলাত গ্ৰন্থানুৰাগীয়ে দেখা পাব।' সংবাদ মেলত সদৌ অসম পুথি প্ৰকাশন আৰু বিক্রেতা সংস্থাৰ সভাপতি ইমৰাণ আহমেদ উপস্থিত থাকি অসম গ্ৰন্থ মেলাৰ সফলতা কামনা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here