নাগালেণ্ডৰ শ্ৰমিক হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান আৰু মৃত শ্ৰমিকৰ পৰিয়ালক উপযুক্ত ক্ষতিপুৰণৰ দাবীত চি আই টি ইউৰ অৱস্থান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 7 December 2021

নাগালেণ্ডৰ শ্ৰমিক হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান আৰু মৃত শ্ৰমিকৰ পৰিয়ালক উপযুক্ত ক্ষতিপুৰণৰ দাবীত চি আই টি ইউৰ অৱস্থান

 




W7s News ষ্টাফৰিপোর্টাৰ : নাগালেণ্ডৰ তিৰুপাহাৰত সংঘটিত শ্ৰমিক হত্যাৰ প্ৰতিবাদত আজি চি আই টি ইউয়ে গুৱাহাটীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। গুৱাহাটী ক্লাৱৰ ৰ'টাৰিত শ্ৰমিক সংগঠনটোৱে ৰাতিপুৱা ১১ বজাৰ পৰা অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰাৰ মাজেৰে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ কামৰূপ মহানগৰ জিলা প্ৰসাশনৰ জৰিয়তে এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে। চি আই টি ইউৰ ৰাজ্যিক উপ-সভাপতি বীৰেণ শৰ্মাই পৰিচালনা কৰা কাৰ্যসূচীত চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা, সম্পাদক মজাফৰ আলী, মদন তালুকদাৰ, ভোলা শৰ্মা, ৰাহুল পুৰকায়স্থাকে ধৰি কেইবাজনো নেতা উপস্থিত থাকে। কাৰ্যসূচীৰ মাজেৰে প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত সংগঠনটোৱে উল্লেখ কৰে যে সেনাবাহিনীৰ হঠকাৰী কাৰ্যৰ বাবে তেওলোকৰ গুলিত যোৱা ৪ ডিছেম্বৰৰ আবেলি ১৪ জনকৈ নিৰিহ খাটিখোৱা শ্ৰমিক নিহত হল। এই ঘটনা কেৱল দুৰ্ভাগ্যজনক বুলি কৈ চৰকাৰে দায় সৰা বিবৃতি দিছে। পিছে এনে ঘটনা ঘটাৰ ভৱিষ্যতেও পূৰ্ণ সম্ভৱনা নুই কৰিব নোৱাৰি। ইয়াৰ কাৰণ হৈছে উত্তৰ পূৰ্বাঞ্চলত বাহাল থকা সামৰিক বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮ (AFSPA)। এই আইনৰ ফলত উত্তৰ পূৰ্বাঞ্চলত বহুত নিৰিহ নিৰপৰাধী লোকে জেল খাব লগা হৈছে, মৃত্যুক সাৱতি লবলগা হৈছে। যোৱা ৪ ডিছেম্বৰৰ নাগালেণ্ডৰ তিৰুপাহাৰৰ ঘটনা অতিশয় মৰ্মান্তিক। অট'ভেনত উঠি অহা শ্ৰমিকক উগ্ৰপন্থীৰ সন্দেহত গুলিয়াই হত্যা কৰিবলৈ অকনো কুণ্ঠাবোধ নকৰা দায়িত্বশীল সেনাসকল ক্ষমাৰ অযোগ্য। চি আই টি ইউ অসম ৰাজ্যিক কমিটিয়ে ৪ ডিছেম্বৰ তিৰুপাহাৰত হোৱা শ্ৰমিক হত্যাকাণ্ডক কঠোৰ ভাষাৰে নিন্দা কৰে আৰু এই হত্যাকাণ্ডত যুক্তসকলক উপযুক্ত বিচাৰ কৰি কৰ্তব্যৰত সেনা বিষয়াসকলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। চি আই টি ইউ অসম ৰাজ্যিক কমিটিয়ে উত্তৰ পূৰ্বাঞ্চলৰ পৰা শীঘ্ৰে আফস্পা (AFSPA) বাতিল কৰিবলৈ চৰকাৰক দাবী জনায়। আনহাতে উক্ত ঘটনাত মৃত্যু ঘটা শ্ৰমিককেইজনৰ পৰিয়ালক উপযুক্ত ক্ষতিপুৰণ দিবলৈয়ো সংগঠনটোৱে দাবী জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here