W7s News ষ্টাফৰিপোর্টাৰ : কাইলৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ উৎসৱ বৰদিন। বৰদিন উপলক্ষে গিৰ্জাঘৰ সমূহ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। অৱশ্যে এইবাৰ অমিক্ৰণত আক্রান্তৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বজুৰি তথা দেশত বৰদিন পালনত কিছু বাধা আৰোপ কৰা হৈছে। তাৰমাজতেও ক'ভিড বিধি মানি এইবাৰ বৰদিন পালন কৰিবলৈ প্ৰস্তুতি তুংগত উঠিছে। ইফালে শুকুৰবাৰে প্ৰি খ্ৰীষ্টমাছ পালন কৰা হয়। কৰলেৰে মুখৰ হৈ পৰে গীৰ্জাঘৰ সমূহ। এইবাৰ খ্ৰীষ্টমাছ উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীৰ বজাৰ ভৰি পৰিছে খ্ৰীষ্টমাছৰ প্ৰয়োজনীয় সামগ্ৰীৰে। এই সম্পৰ্কে গুৱাহাটীৰ জোগার্চৰ ব্যৱসায়ী দিলীপ জৈনে কয় ' এইবাৰ মুম্বাই, দিল্লী, কলকাতা আদিৰ পৰা খ্ৰীষ্টমাছৰ প্ৰয়োজনীয় সামগ্ৰী বিক্ৰীৰ বাবে আনিছোঁ। এইবাৰ ১০ ৰ পৰা ১৫ শতাংশ সামগ্রীৰ মূল্যবৃদ্ধি হৈছে। সেইদৰে চান্তা টুপী ২০ ৰ পৰা ১০০ টকা, খ্ৰীষ্টমাছৰ ট্ৰি ৫০০ ৰ পৰা ১০ হাজাৰ টকা, চান্তাক্লছ ১০০ টকাৰ পৰা ২০০০ টকা, ৫০০০ টকা আদি মূল্যত বিক্রী কৰা হৈছে। কাইলৈ গীৰ্জাঘৰ সমূহত প্ৰাৰ্থনা কৰাৰ লগয়ে অন্যান্য কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে।
No comments:
Post a Comment