W7s News ষ্টাফৰিপোর্টাৰ : সৃষ্টিশীল কামৰ বাবে বয়সৰ কোনো সীমাৰেখা নাথাকে। স্বাস্থ্য ভালে থাকিলে জীৱনৰ বিয়লিবেলাতো সৃষ্টিশীল কাম আৰম্ভ কৰিব পাৰি। মঙলবাৰে গুৱাহাটী প্রেছক্লাৱত লেখিকা নমিতা ডেকাৰ গ্ৰন্থ 'এৰি অহা দিনবোৰ’ উন্মোচন কৰি এই মন্তব্য আগবঢ়ায় বিশিষ্ট সংগীত শিল্পী, লেখক লোকনাথ গোস্বামীয়ে। ৮৩ বছৰ বয়সত জীৱনৰ প্ৰথমখন গ্রন্থ লিখি উলিওৱা নমিতা ডেকাক শুভেচ্ছা জনাই লোকনাথ গোস্বামীয়ে লেখিকাক অধিক উৎসাহেৰে সাহিত্য চর্চাত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। স্বস্তিকা প্রিয়ম প্রকাশে প্ৰকাশ কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক-লেখক সাংবাদিক ৰবীন ভুঞাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ‘গৰীয়সীৰ সহকাৰী সম্পাদক অংকুৰ ডেকাই ‘এৰি অহা দিন' শীর্ষক গ্ৰন্থখনৰ বিষয়ে বিশ্লেষণ আগবঢ়ায়। তেওঁ গ্রন্থখনিৰ জৰিয়তে এৰি থৈ অহা দিনৰ লগতে কেইবাটাও সুখপাঠ্য গল্পৰ স্বাদ পঢ়ুৱৈয়ে পাব বুলি মন্তব্য আগবঢ়ায়। বিশিষ্ট সাংবাদিক-লেখক ৰিপুঞ্জয় গগৈয়ে লেখিকাৰ শলাগ লোৱাৰ লগতে আৰু নতুন গ্রন্থ পাঠকক উপহাৰ দিবলৈ আহ্বান জনায়। গ্রন্থই সমাজত পেলোৱা ইতিবাচক প্রভাৱৰ বিষেয়ে তেওঁ ব্যাখ্যা আগবঢ়ায়। সভাত লেখিকা নমিতা ডেকাই গ্ৰন্থখনিৰ আঁৰৰ কথা ব্যক্ত কৰে। সভাত অধ্যাপক মঞ্জুমালা দাস, ৰীতা চৌধুৰী,লগতে পৰিয়ালৰ হৈ মৌচুমী ডেকা, প্রকাশ ডেকা, মনালিছা পাঠক, কুন্তল চৌধুৰী, অঞ্জনা বৰুৱাই বক্তব্য আগবঢ়ায়।
No comments:
Post a Comment