'শেষ নিশ্বাসৰ চন্দুকৰ সমল" শীর্ষক গ্রন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 5 December 2021

'শেষ নিশ্বাসৰ চন্দুকৰ সমল" শীর্ষক গ্রন্থ উন্মোচন






W7s News ষ্টাফৰিপোর্টাৰ:  

দিছপুৰ প্ৰেছক্লাৱত দেওবাৰে ঈশানী হাজৰিকাৰ "শেষ নিশ্বাসৰ চন্দুকৰ সমল"নামৰ উপন্যাসখন উন্মোচন কৰা হয়। উপন্যাসখন উন্মোচন কৰে তুৰা চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপক, সাহিত্যিক মীনাক্ষি বুঢ়াগোহাঁই আৰ শৰীৰচৰ্চাবিদ মহাদেৱ ডেকাই। উন্মোচনী ভাষণত অধ্যাপক, সাহিত্যিক মীনাক্ষি বুঢ়াগোহাঁইয়ে কয় ' সাহিত্য চিৰস্থায়ী। সাহিত্য ৰচনা কৰোঁতে সমাজলৈ যাতে কোনো ধৰণৰ নেতিবাচক বার্তা নাযায় তাৰবাবে লেখক সকল সচেতন হ'ব লাগে।গ্ৰন্থ এখনত যাতে কোনো ধৰণৰ নেতিবাচক বার্তা নাযায় তাৰ বাবে লেখক সকল সচেতন হ'ব লাগে। কিতাপৰ কথা মানুহে সদায় সত্য বুলি বিশ্বাস কৰে। সম্প্ৰতি মহিলা সকলে হাতত কলম তুলি লৈছে সেয়া শুভ লক্ষণ। নাৰীৰ বিশ্লেষণ কৰিব পাৰিব নাৰী লেখিকাই।  সমাজক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পাৰে নাৰী লেখিকাই। নাৰী সকল প্ৰতিষ্ঠা হ'বলৈ যাওঁতে সন্মুখীন হোৱা সকলো ধৰণৰ বাধা, সমালোচনাক নেওচি আগবাঢ়ি যাব লাগে। লেখিকা ঈশানী হাজৰিকাৰ যাতে কলম থমকি নৰয় তাৰে আশা কৰিলোঁ।' গ্ৰন্থ খনৰ আন এজন উন্মোচক 

শৰীৰচৰ্চাবিদ মহাদেৱ ডেকাই কয় ' ঈশানী হাজৰিকা সাহসী নাৰী। উপন্যাস খনত লেখিকাই হৃদয় চুই যাব পৰা কিছু বিষয় সন্নিবিষ্ট কৰিছে। মানুহে সদায় ইতিবাচক চিন্তাৰে আগবাঢ়ি যাব লাগে। সকলো পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ শক্তিশালী হ'ব

লাগে। মানুহে কেতিয়াও যিকোনো পৰিস্থিতিৰ সৈতে মুখামুখি হওঁতে পৰাজিত হ'ব নালাগে। সাহসী মানুহক আমি সদায় সন্মান কৰোঁ।' এই গ্ৰন্থ উন্মোচনী সভাত  বিশিষ্ট অতিথি হিচাপে টংলা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ঘনকান্ত ডেকা, তিলক মহন্ত,সাগীত শিল্পী অজয় ফুকন, পূৰ্বায়ণ প্রকাশনৰ গুৱাহাটী শাখাৰ প্ৰকাশক ড০ অমৃত কুমাৰ উপাধ্যায়, জ্যোতি দাস আদি উপস্থিত থাকে। লেখিকা  ঈশানী হাজৰিকাৰ "শেষ নিশ্বাসৰ চন্দুকৰ সমল"নামৰ উপন্যাসখনৰ আঁৰৰ কথা  চমুকৈ কয়। লগতে উপন্যাস খন সদ্যপ্ৰয়াত সংগীত পৰিচালক, গীতিকাৰ চন্দন কাকতিৰ সোঁৱৰণত উৎসৰ্গা কৰা বুলি জনায়। গ্ৰন্থ উন্মোচনী সভাৰ আহ্বায়িক দৰ্শনা বৰুৱাই আঁতধৰা সভাখনত কবিতা আবৃত্তি কৰে প্ৰান্তিক হাজৰিকাই আৰু গীত পৰিবেশন কৰে বন্দনা কলিতাই। সভাত বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here