গুৱাহাটীৰ আইটিএ প্রকল্পত ৱামানিয়াছৰ প্ৰথম বার্ষিকী উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 5 December 2021

গুৱাহাটীৰ আইটিএ প্রকল্পত ৱামানিয়াছৰ প্ৰথম বার্ষিকী উদযাপন

 


৭০ মহিলা উদ্যোগীক “গুৱাহাটী প্রাইড এৱাৰ্ড” প্রদান


W7s News, ষ্টাফৰিপোর্টাৰ: আটাইতকৈ জনপ্ৰিয় আৰু আগশাৰীৰ মহিলা সংগঠন “ৱামানিয়াছ”-এ সোমবাৰে বর্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীৰ মাছখোৱা আই টি এ প্রকল্পত প্রথম বর্ষপূর্তি উদযাপন কৰে। উক্ত অনুষ্ঠানত “গুৱাহাটী প্রাইড এৱাৰ্ডছ” আৰু “ৱামানিয়াচ কেলেণ্ডাৰ”ৰ আনুষ্ঠানিক শুভাৰম্ভৰ অধীনত বিভিন্ন শ্ৰেণীত ৭০ তকৈও অধিক মগিলা উদ্যোগীক বঁটাৰে সন্মানিত কৰা হয়। আনহাতে ২৭০ জনতকৈও অধিক সদস্যক ৱামানিয়াছে প্ৰশংসাৰ পত্ৰ প্ৰদান কৰে। প্রখ্যাত গায়িকা  শান্তা উজিৰে মুখ্য অতিথি হিচাপে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে। কামৰূপ মহানগৰৰ ৰাষ্ট্ৰীয় শিশু শ্রমিক প্রকল্প কামৰূপ মহানগৰৰ প্ৰকল্প সঞ্চালক মৌচুমি মহন্ত, সমাজকর্মী অৰ্চনা বৰঠাকুৰৰ লগতে অন্যান্য অতিথিসকলে ৱামানিয়াছ বঁটা ২০২১ উদ্বোধন কৰে। উদ্বোধনৰ সময়ত ক্ৰমে ৱামানিয়াছৰ প্ৰতিষ্ঠাপক দিব্যা চিওটিয়া, নীতা শৰ্মা, নুপুৰ আগৰৱালা উপস্থিত থাকে। মুখ্য অতিথি শান্তা উজিৰে ৱামানিয়াছৰ প্ৰথম বার্ষিকীত সকলো সদস্যলৈ শুভেচ্ছা প্রদান কৰে আৰু কয় যে যোৱা এবছৰত, ৱামানিয়াছে নিজৰ বাবে এক পৃথক পৰিচয় প্রস্তুত কৰিছে। তেওঁলোকৰ প্ৰতিভা জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ উপৰিও, মহিলা আৰু ছোৱালীসকলে ৱামানিয়াছত যোগদান কৰি নিজকে আর্থিকভাৱে শক্তিশালী কৰিবলৈ সক্ষম হৈছে, যিটো এটা ভাল লক্ষণ। প্রতিষ্ঠাপক দিব্যা চিওটিয়াই কয় যে ৱামানিয়াছ বঁটা ২০২১ৰ অধীনত গুৱাহাটী প্রাইড এৱাৰ্ডৰ বাবে ৭০তকৈ অধিক বিভিন্ন শ্ৰেণীৰ বাবে ছ'চিয়েল মিডিয়াত মুকলি ভোটদান অনুষ্ঠিত কৰা হৈছিল। সম্পূর্ণ স্বচ্ছতা আৰু জনসাধাৰণে দিয়া ভোটৰ আধাৰত, বিজয়ীসকলক আজি ৰামানিয়াছ বঁটা ২০২১ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, ৱামানিয়াছৰ আন ২৭০ তকৈ অধিক সদস্যসকলক প্ৰশংসাৰ পত্ৰ প্ৰদান কৰা হয়। প্রতিষ্ঠাপক নীতা শৰ্মাই কয় যে ৱামানিয়াছৰ শুভাৰম্ভৰ আঁৰত আমাৰ মুখ্য উদ্দেশ্য হৈছে ঘৰুৱা আৰু কৰ্মৰত মহিলাসকলক এক মঞ্চ প্ৰদান কৰা য’ত তেওঁলোকে তেওঁলোকৰ কলাৰ অধিক বিকাশ কৰিব পাৰে। যাতে তেওঁলোকৰ বাবে উপাৰ্জনৰ নতুন উৎস মুকলি কৰিব পাৰি। এই সময়ছোৱাত প্ৰতিষ্ঠাপক নুপুৰ আগৰৱালে কয় যে ছ'চিয়েল মিডিয়াত ২০,০০০ৰো অধিক মহিলা ৱামানিয়াছৰ গোটৰ সৈতে জড়িত হৈ আছে, আনহাতে আমাৰ হোৱাটছএপ গ্ৰুপত ২৭০ জনৰো অধিক স্থায়ী সদস্য আছে। এই ২৭০ জন সদস্যকো আজি বার্ষিকী উপলক্ষে সন্মানিত কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here