ছহিদ যাদৱ চন্দ্ৰ নাথ হোমিঅপেথিক মেডিকেল কলেজৰ বাহিৰ সজাগতা ৰেলী
W7s News ষ্টাফৰিপোর্টাৰ: ক'
ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণৰ বিৰুদ্ধে বৃহস্পতিবাৰে এক সজাগতামূলক ৰেলী বাহিৰ কৰা হয়। মহানগৰীৰ পাঞ্জাবাৰীস্থিত ছহিদ যাদৱ চন্দ্ৰ নাথ হোমিঅপেথিক মেডিকেল কলেজৰ পৰা এই উলিওৱা হয় এই সজাগতা ৰেলী। ৰেলীৰ ফ্লেগ অফ কৰে মেডিকেল কলেজৰ অধ্যক্ষই। শতাধিক শিক্ষাৰ্থী আৰু শিক্ষয়িত্ৰীসকলেৰে উলিওৱা এই অভিযানত জনসাধাৰণৰ মাজত অমিক্ৰণ সন্দৰ্ভত সৰ্বসাধাৰণ লোকক এক বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰা হয়। মহামাৰী কৰোণা সন্দৰ্ভত এই অমিক্ৰণ ভেৰিয়েণ্টো কিমান ভয়াৱহ হব পাৰে, অথবা এই অমিক্ৰণ ভেৰিয়েণ্টে আমাক কিধৰণে গ্ৰাস কৰিব পাৰে, ইয়াৰ পৰা আমি কিদৰে পৰিত্ৰাণ লাভ কৰিম এই সন্দৰ্ভত ৰাইজক সজাগ কৰোৱা হয়। মেডিকেল কলেজৰ পৰা বাহিৰ কৰা এই সজাগতা ৰেলী সমাপ্ত হয় ছয়মাইল পইণ্টত। মেডিকেল কলেজৰ পৰা বাহিৰ কৰা এই সজাগতা ৰেলী সমাপ্ত হয় ছয়মাইল হৈ পুনৰ কলেজ প্ৰাংগনত সমাপ্ত হয়।
No comments:
Post a Comment