গুৱাহাটীৰ ছয়মাইলত ৰিয়েলমি এক্সক্লুছিভ ষ্টোৰ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 8 December 2021

গুৱাহাটীৰ ছয়মাইলত ৰিয়েলমি এক্সক্লুছিভ ষ্টোৰ মুকলি

 



W7s News গুৱাহাটী : গুৱাহাটীৰ ছয়মাইল-জয়ানগৰ পথত বুধবাৰে আগশাৰীৰ স্মার্টফোন ব্ৰেণ্ড ৰিয়েলমি এক্সক্লুছিভ ষ্টোৰ উদ্বোধন কৰা হয়। প্রখ্যাত সমাজকর্মী বিদ্যা দেৱী শ্বাহে বন্তি প্রজ্বলন কৰি এক্সক্লুছিভ ৰিয়েলমি ষ্ট'ৰ উদ্বোধন কৰে। উদ্বোধনৰ সময়ত প্ৰেম প্ৰকাশ শ্বাহ, কুমাৰ গৌৰৱ, উত্তৰ-পূব অঞ্চলৰ ৰিয়েলমি ডিষ্ট্রিবিউটৰ নীতিন জৈন, ৰিয়েলমিৰ আঞ্চলিক শ্ব'ৰূম প্ৰবন্ধক অনির্বাণ মুখার্জী। আঞ্চলিক বিপণন ব্যৱস্থাপক সঞ্জয় সিং, এৰিয়া ছেলছ মেনেজাৰ মৃণাল গোস্বামী, এৰিয়া শ্ব'ৰূম মেনেজাৰ সৌমিক মুখাৰ্জীৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ব'ৰূমৰ মুৰব্বী প্রেম প্রকাশ শ্বাহে কয়  'ৰিয়েলমিৰ এই নতুন এক্সক্লুছিভ শ্ব'ৰূমটো গৌৰৱ ইলেকট্ৰ'নিকছৰ এটা অংশ, যি যোৱা তিনি দশকৰ পৰা গুৱাহাটীকে ধৰি সমগ্ৰ অসমত ইলেকট্ৰ'নিকছৰ ব্যৱসায়ত এক সুপৰিচিত নাম হৈ পৰিছে। এই উপলক্ষে কুমাৰ গৌৰৱে কয় যে ৰিয়েলমি, স্মার্ট ঘড়ী, স্মার্ট বাল্ব, স্মার্ট কেমেৰা, স্মার্ট টুথব্ৰাছ, ট্ৰিমাৰৰ এআইঅ'টি সামগ্রী, ম'বাইল, লেপটপ, টেবলেট, স্মার্ট টিভিৰ উপৰি ৰিয়েলমিৰ এই এক্সক্লুছিভ শ্ব'ৰূমত ৰিয়েলমি সম্পৰ্কীয় সকলো গেজেট আৰু আনুষংগিক সামগ্রী উপযুক্ত মূল্যত উপলব্ধ হৈছে। তেওঁ কয়  ২৫০ বর্গফুটত স্থাপিত ৰিয়েলমিৰ এই এক্সক্লুছিভ শ্ব’ৰূমত গ্ৰাহকসকলে গ্ৰাহকসকলৰ বাবে সময়ে সময়ে কোম্পানীয়ে দিয়া বিভিন্ন অফাৰ আৰু ৰেহাইৰ সুবিধা ল’ব পাৰিব। তেওঁ আশা ব্যক্ত কৰে যে এই এক্সক্লুছিভ শ্ব’ৰূমটো মুকলি হোৱাৰ লগে লগে গ্ৰাহকসকলে ৰিয়েলমিৰ সকলো সামগ্ৰী এটা চালৰ তলত ক্ৰয় কৰিবলৈ সক্ষম হ’ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here