চাইল্ড কেয়াৰ হোমৰ শিশুসকলৰ মাজত স্কুলীয়া ষ্টেচনেৰী সামগ্ৰী বিতৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 8 November 2021

চাইল্ড কেয়াৰ হোমৰ শিশুসকলৰ মাজত স্কুলীয়া ষ্টেচনেৰী সামগ্ৰী বিতৰণ

 



 টপচেম চিমেন্ট চিএছআৰৰ অধীনত শৈক্ষিক পদক্ষেপৰ বাবে সহযোগী হয় চাইল্ডলাইন গুৱাহাটী আইচিচিডব্লিউ-এএছবি


W7s News ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটীৰ ১০ খন চাইল্ড কেয়াৰ হোমৰ শিশুৰ মাজত স্কুলীয়া ষ্টেচনাৰী সামগ্রী বিতৰণ কৰে টপচেম চিমেন্টে। সোমবাৰে এক অনুষ্ঠান আয়োজন কৰি  মেঘালয় চিমেন্ট লিমিটেডৰ বিক্ৰী আৰু বিপণন অধ্যক্ষ ৫০ অনিল কাপুৰৰ উপস্থিতিত কল্যাণী নিবাস-চিল্ড্রেন হোম ফৰ গাৰ্লছ- ৰূপনগাৰ, অপেন চেল্টাৰ হোম ফৰ বয়ছ উলুবাৰী, স্নেহালয় পল্টনবজাৰ, চিল্ড্রেন হোম ফৰ গাৰ্লছ জালুকবাৰী, স্নেহালয় ধীৰেপাৰা, চাইল্ড হোম ফৰ বয়ছ ফটাশিল, জ্যোতি স্নেহালয়া বেলতলা, অক্সিলিয়াম স্নেহালয়া নুনমাটি,ইলা স্নেহালয় বেটকুচি আৰু অসম শিশু কল্যাণ সদন-জালুকবাৰীৰ শিশুসকলৰ মাজত তেওঁলোকে স্কুলীয়া ষ্টেচনাৰী সামগ্রী অনুষ্ঠানিকভাবে বিতৰণ কৰে। টপচেম চিমেন্টে চাইল্ডলাইনৰ প্রস্তাব অনুসৰি চাইল কেয়াৰ হোমসমূহত সামগ্রী বিতৰণ কৰে। শিশুৰ মাজত স্কুলীয়া ষ্টেচনেৰী সামগ্রী বিতৰণ কাৰ্যসূচীত চাইল্ড কেয়াৰ হোমৰ প্রতিনিধিৰ লগতে চাইল্ডলাইন হাটীৰ বিষয়াসকলো উপস্থিত থাকে। তেওঁলোকে চাইল্ড কেয়াৰ হোনত থকা ৪০০ টাতকৈ অধিক শিশুক তেওঁলোকৰ শৈক্ষিক মানদণ্ড বিকাশ কৰিবলৈ স্কুলীয়া ষ্টেচনেৰী সামগ্ৰী বিতৰণ কৰে। বিতৰণ কৰা সামগ্ৰীৰ ভিতৰত আছিল বহী, কলম, পেঞ্চিল ইত্যাদি। এই পদক্ষেপে দুখীয়া শিশুসকলক শিক্ষিত হ'বলৈ শিক্ষাৰ প্ৰতি সচেতন হোৱাত আৰু লাভ কৰাত সহায় কৰিব। লগতে সমাজৰ বিকাশত অবদান আগবঢ়োৱাৰ এক উন্নত সুযোগ দিব। এই সন্দৰ্ভত ড০ অনিল কাপুৰে কয়, “সকলো সামাজিক স্তৰৰ শিশুৱে শিক্ষাৰ অধিকাৰ লাভ কৰাটো অতি গুৰুত্বপূর্ণ। শিক্ষাৰ অধিকাৰ লাভ কৰাৰ ক্ষেত্ৰত কোনো বাধা আহিব নালাগে। এইটো ধাৰণা আগত ৰাখি আমি এই পদক্ষেপ গ্ৰহণ কৰিছোঁ, যাতে দৰিদ্ৰ শিশুসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হওঁ৷

২০২১চনত ভাৰতৰ সাক্ষৰতাৰ হার ৭৪.০৪ শতাংশ হৈছে বুলি জনা গৈছে৷ স্বাধীনোত্তৰ কালত ভাৰতৰ সাক্ষরতাৰ হাৰ ১২ শতাংশ আছিল। তাৰ পিছৰে পৰা ক্রমান্বয়ে প্রতি বছৰে সাক্ষৰ লোকৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ পিছতো ভাৰতে ইয়াৰ বাবে এক দীঘলীয়া পথ অনুসৰণ কৰিবলগীয়া আছে। কিয়নো এতিয়াও ভাৰতত আন দেশৰ তুলনাত বৃহৎ সংখ্যক নিৰক্ষৰ প্রাপ্তবয়স্কৰ লোক আছে।বিশ্বৰ মুঠ নিৰক্ষৰ জনসংখ্যাৰ এক তৃতীয়াংশতকৈও অধিক ভাৰতত আছে। ভাৰতত লাখ লাখ লোকে দৰিদ্ৰতাৰ সৈতে যুঁজি আছে, যিটোৱে তেওঁলোকৰ মৌলিক শিক্ষা লাভত বাধাৰূপে থিয় দিছে। তদুপৰি, কিছুৱে আকৌ শিক্ষাৰ বাবে প্রয়োজনীয় সামগ্রী বহন কৰিব নোৱাৰাৰ বাবে স্কুলীয়া শিক্ষা পৰিহাৰ কৰি আহিছে। টপচেম চিমেণ্টে সমাজৰ দৰিদ্ৰ লোকসকলৰ বাবে গ্ৰহণ কৰা কল্যাণমূলক সেৱা কাৰ্যসূচীৰ এইটো এটা অংশ। এই প্ৰচেষ্টাৰ জৰিয়তে, টপচেম চিমেন্টে বঞ্চিত শিশুসকলে শৈক্ষিক যাত্রা চলাই নিব পাৰিব বুলি আশা কৰিছে।।

চাইল্ডলাইন ১০৯৮ হৈছে দেশজুৰি ২৪ ঘণ্টাই উপলব্ধ টোল ফ্রী ফোন সেৱা, যিটোরে প্রয়োজন হোৱা শিশুসকলৰ যত্ন আৰু সুৰক্ষা প্রদান নিশ্চিত কৰে। এই সেৱাক ২০০১ চনৰ ১০ ফেব্ৰুৱাৰীত গুৱাহাটী চহৰত আৰম্ভ কৰা হৈছিল।চাইল্ডলাইন গুৱাহাটী/আইচিচিডব্লিউ-এএছনিয়ে সকলো পৰিস্থিতিত শিশুসকলক তেওঁলোকৰ প্রয়োজনীয় জৰুৰীকালীন সহায় প্রদান কৰে।তেওঁলোকৰ দীৰ্ঘম্যাদী যত্ন আৰু পুনসংস্থাপনৰ বাবে তেওঁলোকে প্রাসঙ্গিক সেৱাৰ সৈতে সংযোগ সাধন কৰে। কামৰূপ মেট্ৰ'ৰ চাইল্ড কেয়াৰ হোমে সকলোৰে সৈতে সংযোগ সাধন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here