অসমৰ ৫২৭ টা জ্যোতিকেন্দ্ৰত ৮১৫ গৰাকী শিক্ষাকর্মীক স্থায়ী নিযুক্তি দিবলৈ দাবী -জ্যোতিকেন্দ্র শিক্ষাকর্মী সন্থা (অসম) ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 8 November 2021

অসমৰ ৫২৭ টা জ্যোতিকেন্দ্ৰত ৮১৫ গৰাকী শিক্ষাকর্মীক স্থায়ী নিযুক্তি দিবলৈ দাবী -জ্যোতিকেন্দ্র শিক্ষাকর্মী সন্থা (অসম) ৰ

 



W7s News ষ্টাফৰিপোৰ্টাৰ : 'ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে কৰ্মৰত শিক্ষাকৰ্মী সকলৰ বাবে অনতি পলমে একো বব্যস্থ গ্ৰহণ নকৰিলে আমৰণ অনশনৰ জৰিয়তে নিজৰ প্ৰাণ ত্যাগ কৰিবলৈ বাধ্য হ'ব- এই ভাষ্য জ্যোতিকেন্দ্ৰ শিক্ষাকর্মী সন্থা, অসমৰ সভাপতি মুনমুন চেতিয়াৰ। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত জ্যোতিকেন্দ্ৰ শিক্ষাকর্মী সন্থা, অসমৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয় ' আমি অসম সর্বশিক্ষা অভিযান মিচনৰ অন্তৰ্গত জ্যোতিকেন্দ্ৰৰ শিক্ষাকর্মী । ২০০৩ চনৰ পৰা বৰ্তমানলৈকে আমি ৬ ৰ পৰা ১৪ বছৰ বয়সৰ আনৰ ঘৰত কাম কৰা, হোটেল, গেৰেজত কাম কৰা, পদপথত জাৱৰ খুচৰি ফুৰা আদি বিদ্যালয়ৰ আওঁতাত থকা শিশু শ্রমিক সকলক শিক্ষা দি  আছোঁ। বৰ্তমান সমগ্ৰ অসমৰ ৫২৭ টা জ্যোতিকেন্দ্ৰত ৮১৫ গৰাকী শিক্ষাকর্মীয়ে সৰ্বমুঠ ২৫,০০০ শিশুক শিক্ষা প্ৰদান কৰি থকাৰ লগতে বিগত বৰ্ষত প্রায় ১ লাখ ৬০ হাজাৰ শিশুক বিদ্যালয়ত মূলসুতিকৰণ কৰিবলৈ সক্ষম হৈছোঁ। প্ৰায় ১৮ বছৰ ধৰি শিশু শ্রমিক সকলক শিক্ষা প্ৰদান কৰাৰ বাবে আমি মাহিলী পাৰিশ্ৰমিক পাওঁ মাত্র ৬৫০০/- টকা। বিগত বৰ্ষত অসমৰ প্ৰতিখন চৰকাৰ তথা প্ৰতিগৰাকী  শিক্ষামন্ত্রী আমি আমাৰ স্থায়ী নিযুক্তি বিচাৰি আবেদন জনাইছিলোঁ। বিভিন্ন সময়ত আন্দোলনৰ কাৰ্য্যসূচীৰ দ্বাৰা স্মাৰক পত্ৰ প্ৰদানেৰে দাবীও উত্থাপন কৰিছিলোঁ। কিন্তু আজি পর্যন্ত আমি স্থায়ী নিযুক্তি পাবলৈ সক্ষম নহ'লো । আনকি আমাৰ মাহিলী পাৰিশ্ৰমিক খিনিও বৃদ্ধি নহ'ল। তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ দিনত বাৰম্বাৰ চলোৱা আন্দোলনৰ কাৰ্য্যসূচীত, আন্দোলন থলীত বৰ্তমানৰ মন্ত্ৰী ৰঞ্জিত দাস  উপস্থিত হৈ আমাক আশ্বাস প্রদান কৰি ভাৰতীয় জনতা দলৰ নির্বাচনী ইস্তাহাৰত আমাৰ সমস্যা সমাধানত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব বুলিও উল্লেখ কৰিছিল। কিন্তু আজি পর্যন্ত আমি স্থায়ী নিযুক্তি পাবলৈ সক্ষম নহ'লো। সেয়ে আমাৰ নিযুক্তিৰ বিষয়টো গুৰুত্ব সহকাৰে লবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুক পুনৰবাৰ অনুৰোধ জনালোঁ।' সংবাদ মেলত সন্থাৰ অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here