বৃদ্ধা আশ্ৰম, অনাথ আশ্ৰম আৰু মেণ্টেল হেলথ ছ'চাইটিত দিপাৱলীৰ আনন্দ ভাগ-বতৰা সূৰ্য চিমেণ্টৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 3 November 2021

বৃদ্ধা আশ্ৰম, অনাথ আশ্ৰম আৰু মেণ্টেল হেলথ ছ'চাইটিত দিপাৱলীৰ আনন্দ ভাগ-বতৰা সূৰ্য চিমেণ্টৰ

 


W7s news ষ্টাফৰিপোৰ্টাৰ,উত্তৰ পূৱ ভাৰতৰ এক পছন্দৰ আৰু আগশাৰীৰ ব্ৰেণ্ড তথা নিৰ্মাণ সামগ্ৰী উদ্যোগ সূৰ্য চিমেণ্টে বৃদ্ধা আশ্ৰম, অনাথ আশ্ৰম আৰু মেণ্টেল হেলথ ছ'চাইটিৰ আবাসী সকলৰ মাজত মিঠাই, চাকি আৰু উপহাৰ বিতৰণ কৰি দিপাৱলী ২০২১ উদযাপন কৰে। ক'ভিড মহামৰীৰ প্ৰকোপ অব্যাহত থকাৰ বাবে আজিৰে পৰা আৰম্ভ হোৱা দিপাৱলীৰ আনন্দ পূৰ্বতকৈ বহু ব্যতিক্ৰমৰূপে উদযাপন হয়।ক'ভিড-১৯ৰ সীমাবদ্ধতা আৰু সামাজিক সমাৱেশৰ নিয়মাৱলী পালন কৰি সূৰ্য চিমেণ্টে বৃদ্ধ আশ্ৰম, অনাথ আশ্ৰম আৰু মেণ্টেল হেলথ ছ'চাইটিসমূহত আজিৰে পৰা দীপাৱলী ২০২১ উদযাপন কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰে এক কাৰ্যসূচীৰ অংশ হিচাপে সূৰ্য চিমেণ্টে গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত অসম অল্ড এজ হোম, কাহিলীপৰাৰ চেনেহ অল্ড এজ হোম, মডগৰীয়াৰ জয়মাতাদী অল্ড এজ এণ্ড অৰফ্যান (Orphan) হোম আৰু কামৰূপ(গ্ৰাম্য)ৰ বকোস্থিত আশাদ্বীপ ৰিহেবিলিটেচন (Rehabilitation) চেণ্টাৰত দিপাৱালীৰ মিঠাই, চাকি আৰু উপহাৰ বিতৰণ কৰি পোহৰৰ উৎসৱ উদযাপন আৰম্ভ কৰে। যাতে তাৰ আবাসীসকলে ৪ নৱেম্বৰত দিপাৱালী উৎসৱ আৰু আনন্দ উদযাপন কৰিব পাৰে।এই সন্দৰ্ভত পূৰ্বাঞ্চল চিমেণ্ট লিমিটেডৰ এম.ডি. মধুৰ আগৰৱালাই কয়-" যেতিয়া আমি যথেষ্ট ধুমধামেৰে ৪ নৱেম্বৰত দি


পাৱলী উদযাপন কৰিম, তেতিয়া এইটো মনত ৰাখিব লাগিব যে বৃদ্ধা আশ্ৰম, অনাথ আশ্ৰম আৰু মেণ্টেল হেলথ ছ'চাইটিৰ নিবাসীসকলে সম্পদৰ অভাৱৰ বাবে উৎসৱ উদযাপনৰ পৰা বিৰত আছে। সেয়েহে আমি তাৰ লোকসকৰ সৈতে উৎসৱ উদযাপনৰ সিদ্ধান্ত লৈছিলোঁ।তেওঁলোকৰ জীৱনত আনন্দৰ এক মুহূৰ্ত আৰু সুখ বিয়পোৱাব বিচাৰিছিলোঁ।"পোহৰৰ উৎসৱ দীপাৱলী হৈছে ভাৰতৰ এক মুখ্য উৎসৱ।এই উৎসৱৰ বাৰ্তা বেয়াৰ বিৰুদ্ধে ভালৰ জয়। দিপাৱলী হৈছে সুখ দিয়া, ভাগ বতৰা কৰা আৰু বিয়পোৱা।সেয়েহে মানুহে তেওঁলোকৰ চাৰিওফালে যিমান পাৰে সিমান আনন্দ বিয়পাই উদযাপন কৰে। এইটো ১০০ বছৰত দ্বিতীয় দিপাৱালী হ'ব, য'ত মহামাৰীৰ সময়ত উদযাপন কৰা হ'ব।সামাজিক দূৰত্বৰ নিয়ম আৰু সুৰক্ষা সতৰ্কতাৰ দিশটো এই অভিযানৰ পৰিকল্পনা কৰোঁতে বিবেচনা কৰা হৈছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here