অশালীন মন্তব্য কৰিছে তেওঁলোকক অচিৰেই গ্রেপ্তাৰ কৰাৰ দাবী
W7s News ষ্টাফৰিপোৰ্টাৰ: 'এগৰাকী গৱেষক ছাত্রী জ্ঞানশ্রী বৰাকলৈ এক বিশেষ ৰাজনৈতিক দলৰ ব্যক্তিয়ে (সামাজিক মাধ্যমৰ যোগেৰে) ঘৃণণীয়ভারে অশালীন মন্তব্য কৰি কেৱল জ্ঞানশ্রীকে নহয় সমগ্র নাৰীজাতিকে জঘন্যভাৱে অপমান কৰিছে- এই ভাষ্য নির্যাতনবিৰোধী ঐক্য মঞ্চ,অসমৰ সাধাৰণ সম্পাদকাদ্বয় সুমিত্রা হাজৰিকা আৰু সবিতা লহকৰৰ। বুধবাৰে গুৱাহাটী ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত নির্যাতনবিৰোধী ঐক্য মঞ্চ,অসমৰ সাধাৰণ সম্পাদক সুমিত্রা হাজৰিকাই কয় 'ৰাজ্যখনত ক্রমবর্ধমানভাৱে বৃদ্ধি পোৱা নাৰী নির্যাতন, আৰু হত্যাৰ ঘটনাই সমাজত এক ভয়ারছ পৰিস্থিতিৰ সৃষ্টি কৰিছে ।
এনেধৰাণ বৃদ্ধি পোরা হত্যা আৰু নির্যাতন ৰোধ কৰিব নোৱাৰিলে নাৰী প্ৰজাতিৰ প্ৰতি চূড়ান্ত ভাবুকিৰ সৃষ্টি হ'ব।জ্ঞানশ্রীক কেৱল ৰাজনৈতিক দলৰ নেত্ৰী বুলি ক'ব নোরাবি সম্প্রতি তেওঁ অসমৰ সমগ্ৰ নির্যাতিত নাৰীক প্রতিনিধিত্ব কৰিছে। যিকেইজন ব্যক্তিয়ে জ্ঞানশ্ৰী বৰাক অশালীন মন্তব্য কৰিছে তেওঁলোকক অচিৰেই গ্রেপ্তাৰ কৰিব লাগে বুলি আমি দাবী জনাওঁ আৰু লগতে সেইকেইজন ব্যক্তিয়ে ৰাজহুরা ভাৱে ক্ষমা খুজির লাগে বুলি আমি দাবী জনাইছোঁ। আজি পৰ্যন্ত
বৰ্ণালী দেৱৰ হত্যাকাৰীৰ শাস্তি নহ'ল। নাৰী নিৰ্যাতনক লৈ আইন আছে যদিও শাস্তি সমূহ আইনতে সীমাবদ্ধ হৈ আছে। ৰাজ্যত নিৰ্যাতনৰ সংখ্যা বৃদ্ধি পাইছে। লকডাউনৰ সময়ত ২৬ টা গোচৰ আমাৰ ওচৰলৈ আহিছে। জ্ঞানশ্ৰী বৰাক বিশেষ ৰাজনৈতিক দলৰ আই টি চেলৰ লোকে অশালীন মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁক গ্ৰেপ্তাৰ কৰক আৰু তেওঁক কঠোৰ শাস্তি দিয়াৰ বাবে আমি দাবী জনালোঁ।' সংবাদ মেলত নির্যাতনবিৰোধী ঐক্য মঞ্চ,অসমৰ আন এগৰাকী সম্পাদক সবিতা লহকৰে কয়' সমাজত ঘটি থকা এনে ঘটনা বোৰকলৈ মহিলা সমাজ মনে মনে বহি থাকিলে এনেধৰণৰ ঘটনা ঘটি থাকিব। এনে ঘটনাৰ সৃষ্টি কৰা সকলক কঠোৰ ভাষাৰে দমন কৰিব লাগে। শাসকীয় দলৰ আই টি চেলৰ লোকে এনে ঘটনা কৰিছে কিন্তু তেওঁলোকে নিজৰ দলৰ লোকক নিয়ন্ত্ৰণ কৰিব পৰা নাই। এনে ধৰণৰ অপৰাধী বোৰ যাতে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰবাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনালোঁ।'
No comments:
Post a Comment