সাংস্কৃতিক সঞ্চালকালয়ৰ সোণালী জয়ন্তী উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 12 November 2021

সাংস্কৃতিক সঞ্চালকালয়ৰ সোণালী জয়ন্তী উদযাপন

 



W7s News ষ্টাফৰিপোৰ্টাৰ : সংস্কৃতি উত্তৰণৰ দিশত গতি কৰা জীৱনৰ এক অভিনন্দিত পদক্ষেপ। জনজীবনক এই পদক্ষেপেৰে লৈ যোৱাৰ মানসেবে ১৯৭১ চনৰ ১ নবেম্বৰত অসম চৰকাৰে সুকীয়াকৈ প্ৰতিষ্ঠা কৰা সাংস্কৃতিক সঞ্চালকালয়ে সোণালী জয়ন্তী বর্ষ অতিক্রম কৰিলে। সাংস্কৃতিক সঞ্চালকালয়ৰ সোণালী জয়ন্তীৰ সৈতে সংগতি ৰাখি বৃহস্পতিবাৰে ৰবীন্দ্ৰ ভৱনত 'আলোক যাত্রা' শীর্ষক এক দিনজোৰা অনুষ্ঠানৰ আয়োজন কৰা হয়। পুৱা ৰবীন্দ্র ভবন প্রাঙ্গনত পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ মুকলি সভাত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া মুখ্য অতিথি ৰূপে উপস্থিত থাকে। এটি বিহুৰে পৰম্পৰাগতভাৱে তেওঁৰ প্রেক্ষাগৃহলৈ আদৰি অনা হয়। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব মাধুৰিমা বৰুৱা সেন, বিশিষ্টা অভিনেত্রী চেতনা দাস, নাট পৰিচালক অবিনাশ শৰ্মা, বিশিষ্ট শিল্পী মইনুল হক, ঢোলৰ ওজা, সোমনাথ বৰা, বিশিষ্ট শিল্পী ৰঞ্জিত গগৈ প্ৰমুখ্যে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কেবাগৰাকী বিষয়া তথা সাংস্কৃতিক সঞ্চালকালয়ৰ বৰ্তমানৰ আৰু অৱসৰ প্ৰাপ্ত বিষয়া কৰ্মচাৰী উপস্থিত থাকে। অনুষ্ঠানত লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ বিদ্যুৎ মিশ্ৰৰ পৰিচালনাত এক সংগীতানুষ্ঠান পৰিবেশন কৰা হয়। দিনৰ ভাগত সাংস্কৃতিক সঞ্চালকালয়ৰ বিষয়া কৰ্মচাৰীসকল আৰু উপস্থিত ৰাইজৰ মাজত খেল ধেমালিৰ আয়োজন কৰা হয়। সন্ধ্যা ৰবীন্দ্ৰ ভৱন প্ৰাঙ্গনত পঞ্চাশ গছি বন্তি প্রজ্জ্বলন কৰা হয়। সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে কৰে বিশিষ্ট সংগীত শিল্পী  ৰমেন চৌধুৰীয়ে। সাংস্কৃতিক সঞ্চালকালয়ৰ বিষয়া কৰ্মচাৰীসকলে পৰিৱেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠাটিত সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালক কিশোৰ ঠাকুৰীয়া, জনপ্রিয় গায়িকা ৰূপাংকিতা পাপৰিয়ে সংগীত পৰিৱেশন কৰাৰ লগতে সাংস্কৃতিক সঞ্চালকালয়ৰ বিষয়৷ কৰ্মচাৰীসকলে গীত, নৃত্য আৰু কবিতাৰ অনুষ্ঠান পরিবেশন কৰে। লগতে বিষয়া কৰ্মচাৰীসকলে মঞ্চত পৰম্পৰাগত সাজ পোছাকৰ এক বিশেষ অনুষ্ঠান পৰিবেশন কৰে। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমাৰ কেবাগৰাকী প্রাক্তন সঞ্চালক আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰ প্ৰাপ্ত বিষয়া কৰ্মচাৰীও উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here