সোণাপুৰৰ স্প্ৰীং ভেলী ৰিজৰ্টত বিশেষ ফেশ্বন শ্ব'ৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 17 November 2021

সোণাপুৰৰ স্প্ৰীং ভেলী ৰিজৰ্টত বিশেষ ফেশ্বন শ্ব'ৰ আয়োজন

 



অংশ গ্ৰহন দেশৰ আগশাৰীৰ মডেল তথা ফেশ্বন ডিজাইনাৰৰ#




W7s News ষ্টাফৰিপোৰ্টাৰ:  সোণাপুৰৰ স্প্ৰীং ভেলী ৰিজৰ্টত আজি সন্ধিয়া উত্তৰ-পূৱৰ লগতে দেশৰ কেইবা খনো ৰাজ্যৰ ডিজাইনাৰ পৰিকল্পিত সাজ সজ্জা কৰি কুৰিৰো অধিক মডেলে ৰেম্পত খোজ দি সকলোৰে দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হয়।উল্লেখ্য ফিল্ম এণ্ড মিউজিক একাডেমী গুৱাহাটীয়ে পোণপ্ৰথম বাৰৰ বাবে ৰাজ্যত দুদিনীয়াকৈ আয়োজন কৰা টি চিৰিজ ষ্টেজ ৱৰ্ক নামৰ অনুষ্ঠানটোৰ

ইষ্টাৰ্ন ষ্টাইল উইক চিজনৰ আজি প্ৰথম দিনৰ কাৰ্যসূচীত ৰাজ্যৰ মডেল সকলৰ লগতে  কেইবাজনো চুপাৰ মডেলেও অংশ গ্ৰহণ কৰে। ইপিনে এই কাৰ্যসূচীৰ অন্যতম আয়োজক দীপাংকৰ কাশ্যপে আশা প্ৰকাশ কৰে ৰাজ্যৰ বাহিৰৰ ডিজাইনাৰে পৰিকল্পনা কৰা সাজসজ্জা আৰু ৰাজ্যৰ ডিজাইনাৰে পৰিকল্পনা কৰা সাজসজ্জাৰ জৰিয়তে  চহকী সংস্কৃতিৰ প্ৰদৰ্শন হোৱাৰ লগতে নৱাগত সকলে ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হোৱাৰ সুযোগ লাভ কৰিব।ইপিনে কালিলৈ চলিব লগীয়া এই প্ৰতিযোগিতাখনত দেশৰ কেইবাগৰাকীও আগশাৰীৰ চুপাৰ মডেল তথা বলিউদৰ চেলিব্ৰেটিয়ে অংশ গ্ৰহন কৰিব বুলি জানিব দিয়ে আয়োজক সকলে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here