আইকিউচিভিলচ আইএএছ একাডেমী, গুৱাহাটীৰ ৬৪ জন শিক্ষাৰ্থী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 10 November 2021

আইকিউচিভিলচ আইএএছ একাডেমী, গুৱাহাটীৰ ৬৪ জন শিক্ষাৰ্থী

 

ইউপিএছচি/এপিএছচি প্ৰাৰম্ভিক পৰীক্ষা ২০২১ত উত্তীৰ্ণ



W7s News গুৱাহাটীঃ গুৱাহাটীৰ খ্ৰীষ্টান বস্তিৰ শ্ৰী কামাখ্যা টাৱাৰত অৱস্থিত দিল্লী-ভিত্তিক অসামৰিক সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠান আইকিউচিভিলচ আইএএছ একাডেমী,

গুৱাহাটীয়ে তেওঁলোকৰ বৰ্তমানৰ প্ৰশিক্ষণ গোটৰ পৰা ২০২১ বৰ্ষৰ ইউপিএছচি আৰু এপিএছচি প্ৰাৰম্ভিক পৰীক্ষাত ৬৪ জন শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা বুলি ঘোষণা কৰিছে। ইয়াৰে ৫৫ জন শিক্ষাৰ্থী এপিএছচিত উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৯ জন শিক্ষাৰ্থী ইউপিএছচি উত্তীৰ্ণ হৈছে। যোৱা ৪ বছৰৰ পৰা গুৱাহাটীত আইকিউচিভিলচ আইএএছ একাডেমী কাৰ্যক্ষম হৈ আছে আৰু দিল্লীস্থিত বিশেষজ্ঞ ইউপিএছচি প্ৰশিক্ষকৰ জৰিয়তে নিৰন্তৰভাৱে উচ্চ মানদণ্ডৰ অসামৰিক সেৱাৰ শিক্ষা প্ৰদান কৰি আহিছে। 


সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত আইকিউচিভিলছ আইএএছ একাডেমীৰ প্ৰতিষ্ঠাপক অনুজ সিঙে কয় যে "অসামৰিক সেৱা পৰীক্ষাত আমাৰ বৰ্তমানৰ বেট্চৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰথম প্ৰচেষ্টাতে কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে সৈতে যি সফলতা অৰ্জন কৰিছে তাৰবাবে আমি অভিভূত আৰু আনন্দিত।" 


অনুজ সিঙে লগতে কয় যে যিহেতু এপিএছচিৰ পাঠ্যক্ৰম বৰ্তমান ইউপিএছচিৰ দৰে হোৱা বাবে উচ্চ-মানদণ্ডৰ ৰাষ্ট্ৰীয় অসামৰিক সেৱা পৰ্যায়ৰ শিক্ষাপ্ৰদানে কেৱল ইউপিএছচিৰে নহয় ৰাজ্যিক অসামৰিক সেৱা পৰীক্ষাৰ বাছনিটো তুলনামূলকভাৱে সহজ কৰি তোলে। লগতে আইকিউচিভিল আইএএছ একাডেমীয়ে পূৰ্বতে এপিএছচিৰ মৌখিক পৰীক্ষাত অৱতীৰ্ণ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা এপিএছচিৰ প্ৰাৰম্ভিক আৰু মূল পৰীক্ষাত সোধা অসম সম্পৰ্কীয় বিষয়ত সূক্ষ্মভাৱে শিক্ষা প্ৰদান কৰি আহিছে। 


ইয়াৰলগতে অনুজে পুনৰ কয় যে "যোৱা ৩-4 বছৰ ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে আমি ইতিমধ্যে খানাপাৰাস্থিত অসম পদাধিকাৰী মহাবিদ্যালয়ত ইউপিএছচিৰ একাধিক অসামৰিক সেৱাৰ প্ৰশিক্ষণ কাৰ্যসূচী পৰিচালনা কৰিছোঁ।"



আইকিউচিভিলচ আইএএছ একাডেমী, গুৱাহাটীত ৩০ জনতকৈ অধিক ৰাষ্ট্ৰীয়ভাৱে প্ৰশংসিত প্ৰশিক্ষক আছে। স্ব-প্ৰকাশিত বিষয়-অনুসৰি কিতাপ, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ আলোচনী, বাতৰি কাকত আদিৰ পৰা প্ৰস্তুত কৰা সাম্প্ৰতিক বিষয়ৰ প্ৰবন্ধৰ লগতে নিয়মীয়া পাঠদান কৰা হয়। ইয়াৰ উপৰিও, লিখাৰ কৌশল আৰু ব্যক্তিত্ব বিকাশৰ শ্ৰেণীও প্ৰদান কৰা হয়।


 অনুজ সিঙে লগতে কয় যে প্ৰতিষ্ঠানটোৱে অনাগত সময়তো অসমত উচ্চ মানদণ্ডৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰক্ষিক্ষণ প্ৰদান কৰি যাব। ইতিমধ্যে ইয়াৰ প্ৰশিক্ষণ সেৱাসমূহ উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্য যেনে- অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু মণিপুৰলৈও সম্প্ৰসাৰিত কৰিছে।


তেওঁ লগতে কয় যে "প্ৰতিষ্ঠানটোৰ দৃষ্টিভংগী কেৱল উত্তৰ-পূবাঞ্চলৰ পৰা ইউপিএছচি অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণৰ সংখ্যা বৃদ্ধি কৰাই নহয়,

উচ্চ মানদণ্ডৰ শিক্ষাৰ ব্যৱস্থাৰ জৰিয়তে অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশত অৰিহণা যোগোৱা। লগতে উত্তৰ-পূৱৰ শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলাই তোলা।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here