গুৱাহাটীত বৈদ্যুতিক বাহনৰ এক্সক্লুচিভ শ্ব'ৰূম ট্ৰিও মটৰ্চ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 23 October 2021

গুৱাহাটীত বৈদ্যুতিক বাহনৰ এক্সক্লুচিভ শ্ব'ৰূম ট্ৰিও মটৰ্চ মুকলি

 




W7s News ষ্টাফৰিপোৰ্টাৰ : ইটালিয়ান বাহন নিৰ্মাতা পিয়াজিঅ' ভেহিকল প্রাইভেট লিমিটেডে গুৱাহাটীত প্ৰথমটো বৈদ্যুতিক বাহনৰ শ্ব’ৰূম মুকলি কৰিছে। গুৱাহাটীৰ মালিগাঁৱৰ ইভি এক্সপেৰিয়েন্স চেণ্টাৰত ট্ৰিও মটচত এই বৈদ্যুতিক বাহনৰ শ্ব’ৰূমটো মুকলি কৰা হয়। পৰিৱহণ বিভাগৰ সহকাৰী আয়ুক্ত গৌতম দাসে শ্ব'ৰূমটো মুকলি কৰে। উক্ত অনুষ্ঠানত ট্রিও মটৰ্চ ডিলাৰৰ অধ্যক্ষ অৰবিন্দ গৱেলসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উক্ত চেণ্টাৰটোত গ্ৰাহকে পিয়াজিঅ'ৰ বৈদ্যুতিক বাহন ক্রয় কৰাৰ সুবিধা লাভ কৰিব৷ পিয়াজিঅ'ই অলপতে উক্ত চেণ্টাৰটোত কাৰ্গো আৰু যাত্রীবাহী বৈদ্যুতিক বাহন মুকলি কৰিছে। এই সন্দৰ্ভত গৌতম দাসে কয় 'পিয়াজিঅ’ ভেহিকেলছ প্রাইভেট লিমিটেডৰ অসমত এনেধৰণৰ প্ৰথমটো ইভি এক্সপেৰিয়েন্স চেণ্টাৰ উদ্বোধন কৰিবলৈ পাই আনন্দিত হৈছো৷ বৰ্তমান বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সকলোৰে দৃষ্টি নিৱদ্ধ হৈছে। ৰাজ্য চৰকাৰক বৈদ্যুতিক বাহনৰ গতিশীলতা আৰু গুৰুত্বৰ ওপৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। পিয়াজিঅ' ইণ্ডিয়া প্রাইভেট লিমিটেডৰ আঞ্চলিক প্ৰৱন্ধ এম মজুমদাৰে কয় যে অসমত প্ৰথমটো ইভি এক্সক্লুছিভ শ্ব’ৰূম খুলিবলৈ পাই গৌৰাম্বিত হৈছো। পিয়াজিঅ'ৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে পৰিৱহণ খণ্ডত পথ প্ৰদূষণৰ সমস্যা সমাধান কৰা আৰু গ্ৰাহকসকলক সৰ্বশ্ৰেষ্ট সেৱা প্ৰদান কৰা। গুৱাহাটী হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ মূল প্ৰৱেশ দ্বাৰ তথা স্থানীয় লোকৰ এক উপাৰ্জন আৰু ব্যৱসায়ৰ মূল কেন্দ্ৰস্থল। বৈদ্যুতিক বাহনৰ এই সম্প্ৰসাৰণে সকলোকে আকৰ্ষিত কৰিব বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে গ্ৰাহকসকলক তেওঁলোকৰ অভাৱ পূৰণ কৰিব পিয়াজিঅ'ৰ এই এক্সক্লছিভ শ্বৰূমে। এই বাহন পৰিসৰে গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু (ape goes electric) ধাৰণাৰে উদ্যোগটোলৈ আহিব বৈপ্লৱিক পৰিৱৰ্তন।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here