গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত ইস্কন গুৱাহাটীৰ প্ৰতিবাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 23 October 2021

গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত ইস্কন গুৱাহাটীৰ প্ৰতিবাদ

 ইস্কনৰ উদ্যোগত বাংলাদেশত থকা হিন্দুৰ সুৰক্ষাৰ বাবে 

বিশ্বব্যাপী কীৰ্তন প্ৰতিবাদ





 

W7s News ষ্টাফৰিপোৰ্টাৰ :ইস্কনৰ উদ্যোগত বাংলাদেশত থকা হিন্দুৰ সুৰক্ষাৰ বাবে শনিবাৰে বিশ্বব্যাপী কীৰ্তন প্ৰতিবাদ কৰা হয়। এই প্ৰতিবাদৰ অংশ হিচাপে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত

ইস্কন গুৱাহাটীৰ উদ্যোগত বাংলাদেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ ৰক্ষণাবেক্ষণৰ বাবে কীৰ্তন প্ৰতিবাদ কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে ইস্কন গুৱাহাটীৰ সদস্যসকলে হাতে হাতে বাংলাদেশত থকা হিন্দুক সুৰক্ষা দিয়ক, বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, আদি দাবী সম্বলিত প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কীৰ্ত্তন পৰিবেশন কৰে ।

এই কাৰ্যসূচীৰ জৰিয়তে ইস্কন গুৱাহাটীৰ সভাপতি

শ্ৰীজীৱা দাসে কয় 'বাংলাদেশত হোৱা ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আমি কীৰ্ত্তনৰ জৰিয়তে সমগ্ৰ বিশ্বব্যাপী প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এই কাৰ্যসূচীত সমগ্ৰ বিশ্বৰ ১৫০ খন দেশে অংশগ্ৰহণ কৰে। বিশেষকৈ লণ্ডন, নিউয়ৰ্ক, ৱাছিংটন, মেলবৰ্ণ, ডাৰবান আদিত এই ঘটনাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।

 সমগ্ৰ বিশ্বতে সংখ্যালঘু লোক আছে। পৃথিৱীৰ কোনো ঠাইতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰবাবে আজি আমি কীৰ্ত্তনৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। সকলোৱে শান্তি সমৃদ্ধিৰে জীয়াই থাকক আমি তাৰে কামনা কৰিছোঁ। বাংলা দেশত থকা হিন্দু সকল সুৰক্ষিত থাকক। তাৰবাবে আমি শান্তিপূৰ্ণভাৱে কীৰ্ত্তন পৰিবেশনৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰোঁ।বাংলাদেশত থকা হিন্দু সকলৰ লগতে ইস্কন মন্দিৰ আৰু ইস্কন মন্দিৰৰ সদস্যসকলৰ ওপৰতো আক্ৰমণ চলোৱা হৈছিল। আমাৰ বাংলাদেশ চৰকাৰৰ ওপৰত বিশ্বাস আছে। লগতে বাংলাদেশৰ প্রধানমন্ত্ৰী শ্বেখ হাচিনাই বাংলাদেশত থকা হিন্দু সকলক সুৰক্ষা দিব বুলি আমি আশাবাদী। বাংলাদেশ বাৰেৰহণীয়া সংস্কৃতিৰে ভৰপুৰ আৰু বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ বাসভূমি।'এই কাৰ্যসূচী দিনৰ ১১ বজাৰ পৰা আবেলি  ৪ বজালৈ অনুষ্ঠিত হয়।এই কাৰ্যসূচীত ইস্কন গুৱাহাটীৰ অৰ্দ্ধ শতাধিক সদস্যই অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here