ধ্যানচন্দ খেল ৰত্ন বঁটাৰ বাবে লাভলীনা বৰগোঁহাই মনোনীত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 27 October 2021

ধ্যানচন্দ খেল ৰত্ন বঁটাৰ বাবে লাভলীনা বৰগোঁহাই মনোনীত

 



W7s News নিউজ ডেস্ক: টকিঅ' অলিম্পিকত ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই অনা খেলুৱৈ-এথলিটসহ মুঠ ১১জন খেলুৱৈৰ নাম ধ্যানচন্দ খেল ৰত্ন বঁটাৰ বাবে মনোনীত কৰা হৈছে। বিগত বছৰলৈকে এই বঁটাৰ নাম প্ৰাক্তন প্রধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নামত আছিল যদিও, ২০২১ৰ পৰা চৰকাৰে ভাৰতৰ হকীৰ মহান খেলুৱৈ ধ্যানচন্দৰ নামত নামাকৰণ কৰে। এইবাৰৰ ধ্যানচন্দ খেল ৰত্ন বঁটাৰ মনোনীত খেলুৱৈসকলৰ নাম ক্ৰমে- নীৰজ চোপ্ৰা, অৱনী লখেড়া, মিতালী ৰাজ, ৰবি দহিয়া, লাভলীনা বৰগোঁহাই, সুনীল চেত্ৰী, পিআৰ শ্ৰীজেশ, প্রমোদ ভগত, কৃষ্ণা নাগৰ, মনীষ নৰৱাল আৰু সুমীত অতিল। এই বঁটা লাভ কৰা খেলুৱৈসকলক প্ৰমাণপত্ৰ আৰু বঁটাৰ উপৰিও ২৫ লাখকৈ নগদ ধন প্ৰদান কৰা হ'ব। ইফালে, অৰ্জুন বঁটাৰ বাবে ৩৫ গৰাকী খেলুৱৈৰ নাম মনোনীত কৰা হৈছে। উল্লেখ,এই তালিকাখনত ক্রিকেটাৰ শিখৰ ধৱনৰ নামো আছে বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here