অসহায় লোকৰ বাবে সেৱা আগবঢ়ালৈ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ গুৱাহাটী মহানগৰী জিলা শাখাই গ্ৰহণ কৰিব আঁচনি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 29 October 2021

অসহায় লোকৰ বাবে সেৱা আগবঢ়ালৈ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ গুৱাহাটী মহানগৰী জিলা শাখাই গ্ৰহণ কৰিব আঁচনি

  





W7s News ষ্টাফৰিপোৰ্টাৰ: মহানগৰীৰ বেলতলাৰ চাৰ্ভেৰ চন্দন নগৰত বয়োজ্যেষ্ঠ লোক ননী গোপাল বৰুৱা আৰু মীনা বৰুৱা অতি নিৰ্মম ভাৱে হত্যা কৰা কাৰ্যক শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ গুৱাহাটী মহানগৰী জিলা শাখাই তীব্ৰ ভাষাৰে নিন্দা কৰিছে আৰু দোষীক কৰায়ত্ব কৰি দৃষ্টান্ত মূলক শাস্তিৰ দাবী জনাইছে। এই সম্পৰ্কে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ গুৱাহাটী মহানগৰী জিলা শাখাৰ সভাপতিহিৰেন্দ্ৰ কুমাৰ ডেকাই কয় ' আমি চাৰ্ভেত সংঘটিত হোৱা দানবীয় কাৰ্যৰ তীব্ৰ নিন্দা কৰিছোঁ। অকালতে প্ৰাণ হেৰুৱা দুয়োজন জ্যেষ্ঠ নাগৰিকৰ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। অনাগত দিন বোৰত সন্তান সন্ততিৰ পৰা দূৰত থকা এনে অসহায় লোক সকলক জাতি বৰ্ণ নিৰ্বিশেষে সেৱা আগবঢ়ালৈ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ গুৱাহাটী মহানগৰী জিলা শাখাই আচনি গ্ৰহণৰ বাবে চিন্তা চৰ্চা আৰম্ভ কৰিছে। এই দিশত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ মূলৰ অনুমোদন তথা প্ৰশাসনৰ অনুমতি সাপেক্ষে উক্ত আচনি কাৰ্যৰূপায়নৰ বাবে প্ৰয়াস কৰা হ'ব। কাৰণ মানব সেৱাই আমাৰ ধৰ্ম।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here