চৰ্দাৰ বল্লভ ভাই পেটেলে দেশক একত্ৰিত কৰাত এক মহান ভূমিকা পালন কৰিছিল: বিশেষজ্ঞৰ মত
W7s News ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীৰ প্ৰেছ ইনফৰ্মেচন ব্যুৰই’ শুকুৰবাৰে "ঐক্য আৰু সংহতি শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঐক্যতা দিৱসৰ তাৎপৰ্য" সন্দৰ্ভত এক ৱেবিনাৰৰ আয়োজন কৰে। ৩১ অক্টোবৰত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি এই ৱেবিনাৰৰ আয়োজন কৰা হয়।ৱেবিনাৰত বক্তব্য প্ৰদান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপক ড০ চন্দন গোস্বামীয়ে ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত চৰ্দাৰ পেটেলৰ ভূমিকা আৰু উত্তৰ-পূবত ইয়াৰ অনুশীলন কেনেদৰে প্ৰচলিত হৈছে সেই সন্দৰ্ভত আলোকপাত কৰে। ড০ গোস্বামীয়ে কয় 'এই অঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন সংস্কৃতি, ভাষা আৰু পৰম্পৰা আছে আৰু একে সময়তে ই বৈচিত্ৰ্যৰ মাজত ঐক্যতাৰ মহান উদাহৰণো প্ৰতিফলিত কৰিছে৷ অসমৰ ইতিহাসৰ কথা উল্লেখ কৰি ড০ গোস্বামীয়ে কয় 'অসমে সদায় একতা আৰু সম্প্ৰীতিৰ উদাহৰণ ডাঙি ধৰি আহিছে। চৰ্দাৰ পেটেলৰ সন্দৰ্ভত তেওঁ কয় যে ভাৰতৰ লৌহ পুৰুষজনাই ৰাষ্ট্ৰক একত্ৰিত কৰাত এক মহান ভূমিকা পালন কৰিছিল। চৰ্দাৰ পেটেলৰ মূল্যবোধ আৰু মতাদৰ্শক দেশ প্ৰতিজন নাগৰিকে প্ৰগতিশীল আৰু উন্নত ৰাষ্ট্ৰৰ বাবে স্মৰণ কৰিব লাগে।' ৱেবিনাৰত সম্বোধন কৰি আইআইএমচি ধেংকানালৰ সহকাৰী অধ্যাপক ড০ জ্যোতিপ্ৰকাশ মহাপাত্ৰই কয় 'যুৱ প্ৰজন্মই আগবাঢ়ি আহি দেশৰ সামগ্ৰিক উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় একত্ৰীকৰণৰ প্ৰক্ৰিয়াত যোগদান কৰিব লাগে। ৰাষ্ট্ৰীয় ঐক্যৰ গুৰুত্ব সম্পৰ্কে বক্তব্য ৰাখি ড০ মহাপাত্ৰই কয় 'ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰচাৰৰ বাবে যুৱ প্ৰজন্মক ভাৰতৰ সমৃদ্ধ ইতিহাস আৰু ইয়াৰ স্বাধীনতা সংগ্ৰামৰ বিষয়ে জনোৱাটো অতি প্ৰয়োজনীয়। ৱেবিনাৰত ভাৰতীয় গণ যোগাযোগ প্ৰতিষ্ঠান, ধেংকানাল, উৰিষ্যাৰ শিক্ষাৰ্থী আৰু প্ৰেছ ইনফৰ্মেচন ব্যুৰ’, গুৱাহাটীৰ আঞ্চলিক আউটৰিচ্চ ব্যুৰ’ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ফিল্ড আউটৰিচ্চ ব্যুৰ’ৰ বিষয়াসকলো উপস্থিত আছিল। আৰ.অ’.বি. গুৱাহাটীৰ ক্ষেত্ৰ প্ৰচাৰ বিষয়া বৰ্ণালী মহন্তই ৱেবিনাৰখন পৰিচালনা কৰে। আৰ.অ’.বি. গুৱাহাটীৰ ক্ষেত্ৰ প্ৰচাৰ বিষয়া সুচৰিতা চাহুৱে আদৰণি ভাষণ প্ৰদান কৰে।
No comments:
Post a Comment