গুৱাহাটীৰ কেদাৰ ৰোডত এক্সক্লুচিভ শ্ব'ৰুম "এনএফ হোমছ" মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 8 October 2021

গুৱাহাটীৰ কেদাৰ ৰোডত এক্সক্লুচিভ শ্ব'ৰুম "এনএফ হোমছ" মুকলি

 


W7s news,,ষ্টাফৰিপ'ৰ্টাৰ, ৩৫ বছৰৰ পৰা সজ্জাৰ ব্যৱসায়ৰ সৈতে জড়িত গুৱাহাটী নটৱাৰ ফাৰ্নিচিঙে গুৱাহাটীৰ কেদাৰ ৰোডত মুকলি কৰিছে এক্সক্লুছিভ "এনএফ হোমছ"। বিশিষ্ট সমাজ সেৱিকা তথা ধাৰ্মিক মহিলা গীতা দেৱী জালানে শ্ব'ৰুমটো শুকুৰবাৰে আনুষ্ঠানিক ভাবে উদ্বোধন কৰে। অনুষ্ঠানটোত বিশিষ্ট সমাজসেৱক প্ৰভু দয়াল জালান, আত্মাৰাম জালান,কৃষ্ণ কুমাৰ জালান, নিৰ্মল জালান, নটৱাৰ জালান, ওম প্ৰকাশ দিদৱানিয়া আৰু অন্যান্য গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে। কেডাৰ ৰোডৰ ৰেডক্ৰছ চ'ছাইটি ভৱনৰ প্ৰথম মহলাত অৱস্থিত এন এফ হোমছ সন্দৰ্ভত কৃষ্ণ কুমাৰ জালানে কয়'-শ্ব'ৰুমটো ২৫০০ বৰ্গফুটত গঢ়ি তোলা হৈছে। য'ত ঘৰ, কাৰ্যালয় আদিৰ বাবে সকলো সজ্জা সম্পৰ্কীয় সামগ্ৰী উপলব্ধ। তেওঁ লগতে কয়'-গৃহ সজ্জাৰ শ্ৰেণীত, কাৰ্টেন, টেপেষ্ট্ৰি (চোফা ফেব্ৰিক),ব্লাইণ্ডচ, বেড ৰয় বাথ লিলেন, ৰাগচ( কাৰ্পেট),কমফৰ্টাৰ মেট্ৰেছ গাৰু আদি উপলব্ধ হৈছে। তেওঁ লগতে কয়"-শ্ব'ৰূমটো উল্লেখযোগ্য আৰু আগশাৰীৰ ব্ৰেণ্ড উপলব্ধ যেনে-কিং কইল, ৰেমণ্ডছ, ডি ডেকোৰ, মাস্পাৰ, কাঞ্চি, লাকাচা,জে এণ্ড ৱাই, ডেকো উইণ্ডো, জি এফ এম, কাচামিয়া,ফ্লৰিষ্টা, ভিভাইন, বুটিক লিভিং আদি। শ্ব'ৰুমলৈ অহা গ্ৰাহক সকলৰ বাবে পৰ্যাপ্ত পাৰ্কিং ব্যৱস্থা আছে। একে সময়তে দুৰ্গা পূজা আৰু দীপাৱলীৰ দৰে আগন্তক ডাঙৰ উৎসৱ প্ৰতি  লক্ষ্য ৰাখি শ্ব'ৰুমত বজাৰ কৰা গ্ৰাহকসকলৰ বাবে বিশেষ অফাৰ দিয়া হৈছে। তেওঁ আশা প্ৰকাশ কৰে যে এই শ্ব'ৰুমটো মুকলি হোৱাৰ লগে লগে, সকলো সজ্জা সম্পৰ্কীয় সামগ্ৰী গ্ৰাহকসকলৰ যুক্তিসঙ্গত মূল্যত এটা চালৰ তলত উপলব্ধ হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here