W7s News ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটীত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে দ্বিতীয় নর্থ-ইষ্ট মেডিকেল এক্সপ’। চিকিৎসা সঁজুলি আৰু হাস্পতাল খণ্ডৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ শীৰ্ষস্থানীয় এই এক্সপ’ অনুষ্ঠিত হৈছে গুৱাহাটীৰ মণিৰাম দেৱান ট্রেড চেণ্টাৰত। ক'ভিডৰ পৰৱৰ্তী পৰ্যায়ত চৰকাৰী খণ্ডৰ লগতে ব্যক্তিগত খণ্ডৰ স্বাস্থ্যকেন্দ্ৰসমূহৰো যথেষ্ট উন্নতি সাধন হৈছে। এই দুদিনীয়া এক্সপ'ত চিকিৎসা খণ্ডৰ সঁজুলি প্রস্তুতকাৰী প্ৰতিষ্ঠান, ডীলাৰ, ডিষ্ট্রিবিউটৰ, চিকিৎসক, হাস্পতাল মেনেজমেণ্ট টীম, চিকিৎসা সংস্থাৰ সদস্য, চিকিৎসা মহাবিদ্যালয়, সকলো ৰাজ্যিক চিকিৎসা বিভাগ আৰু অন্যান্য চিকিৎসা প্রতিষ্ঠানসমূহক এখন মঞ্চ প্ৰদানৰ লক্ষ্য লোৱা হৈছে। দ্বিতীয়বাৰলৈ অনুষ্ঠিত হোৱা এই প্ৰদৰ্শনীত দিল্লী, গুজৰাট, কলকাতা, মুম্বাই আৰু চেন্নাইকে ধৰি দেশৰ সকলো প্ৰান্তৰ প্ৰদৰ্শনকাৰীয়ে অংশগ্ৰহণ কৰিছে এই প্রদর্শনীত আছে ৭৫তকৈও অধিক প্রদর্শনকাৰী। ইয়াৰ ভিতৰত আছে বিভিন্ন হাস্পতালৰ স্বত্বাধিকাৰী, প্রবন্ধক, ক্রয় বিভাগৰ প্রতিনিধি, চৰকাৰী বিষয়ববীয়া ইত্যাদি। উল্লেখ্য, উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য সেৱা খণ্ডত এই এক্সপ'ৰ জৰিয়তে তেওঁলোকে বিক্ৰী বৃদ্ধি, সহযোগিতা স্থাপন, বিনিয়োগ আৰু নেটৱৰ্কিং তথা বিপণনৰ ক্ষেত্ৰত নতুন সুযোগৰ সন্ধান কৰিব পাৰিব বুলি আয়োজক মিন্টু নাথ আৰু প্ৰণৱ নাথে জানিবলৈ দিয়ে।
No comments:
Post a Comment