মহানগৰীৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি পালন - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Friday, 15 October 2021

demo-image

মহানগৰীৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি পালন

Responsive Ads Here

 



W7s News ষ্টাফৰিপোৰ্টাৰ :

.com/img/a/

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি শুকুৰবাৰে ৰাজ্যজুৰি পালন কৰা হয়। হৰিনামেৰে মুখৰ হৈ পৰে ৰাজ্যৰ আকাশ বতাহ। সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো শুকুৰবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আৱিৰ্ভাৱ তিথি পালন কৰা হয়। গুৰুজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষেপুৱাৰ ভাগত ঠায়ে ঠায়ে প্ৰভাত ফেৰী উলিওৱা হয়। পুৱাৰে পৰাই ৰাজ্যৰ নামঘৰে নামঘৰে নামকীৰ্ত্তন কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে  ৰূপনগৰ সেৱা মন্দিৰ উন্নয়নৰ সমিতিৰ নামঘৰৰ উদ্যোগত''প্ৰভাত ফেৰী' উলিওৱা হয়। লগতে দময়ন্তী ডেকাৰ পৰিচালনাত ৰূপনগৰ সেৱা মন্দিৰ উন্নয়নৰ সমিতিৰ নামঘৰ প্ৰাংগণত নাম প্ৰসংগ কৰা হয়। আনহাতে ৰূপনগৰৰ শংকৰী সংস্কৃতি কেন্দ্ৰৰ নামঘৰত ৰূপ নগৰ শাখা কাৰ্যালয় অতিথিশালা আৰু নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু ৰূপনঙৰ, লাচিত নগৰ, দিছপুৰ আৰু কল্পতৰু প্ৰাথমিক শাখাৰ সহযোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হয়। এই উপলক্ষে প্ৰাত:প্ৰসংগ, পতাকা উত্তোলন, নাম প্ৰসংগ, দিহানাম পৰিৱেশন কৰা হয় আৰু সন্ধিয়া বন্তি প্ৰজ্জলন কৰা হয়। আনহাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰ্বিভাব মহোৎসৱ উপলক্ষে বৃহস্পতিবাৰে গুৱাহাটীৰ আমবাৰীস্থ গোপালকৃষ্ণ নামঘৰত বন্তি প্ৰজ্বলন কৰা হয়। আনহাতে শুকুৰবাৰে নামঘৰ প্ৰাংগণত নাম প্ৰসংগ কৰা হয়। আনহাতে গুৱাহাটীৰ পল্টন বজাৰস্থিত শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ সমিতিৰ উদ্যোগত শুকুৰবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে বৃহস্পতিবাৰে সন্ধিয়া বন্তি প্ৰজ্জলন কৰাৰ লগতে মুখপত্ৰ শিৰোমণি উন্মোচন কৰা হয়। আনহাতে শুকুৰবাৰে পুৱা আইসকলৰ নাম প্ৰসংগ, সমূহীয়া নাম প্ৰসংগ, ভাগৱত পাঠ আদি কৰা হয়। এনেদৰে মহানগৰীৰ নামঘৰ সমূহত চৰকাৰী ক'ভিড বিধি পালন কৰি গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হয়। ক'ভিড পৰিস্থিতিৰ বহু সংখ্যক লোকে নিজৰ গৃহতে গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ পালন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *