অসম ভিত্তিত ডাকযোগে চিঠি লিখা প্ৰতিযোগিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 22 October 2021

অসম ভিত্তিত ডাকযোগে চিঠি লিখা প্ৰতিযোগিতা

 



ক'ত হেৰাল চিঠি : চিঠিক পুনৰ জীৱিত  কৰাৰ মহান প্ৰয়াসত ইন্সপিৰেশ্যন-আজিৰ খবৰ


W7s News ষ্টাফৰিপোৰ্টাৰ: এইয়া মম এডাল জ্বলাই লৈছোঁ । আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি । বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি । চাওঁ খিৰিকীখন জপাই দিওঁ ।  । এইয়া হেঁপাহেৰে লিখা এখন চিঠিৰ ক্ৰিয়দাংশ । চিঠিৰ ভিতৰত থকা এনেবোৰ শব্দই হৃদয় চুই যায় । কঁপাই তোলে বুকুৰ অবুজ শিহৰণ । এনেবোৰ হৃদয়স্পৰ্শী শব্দই ৰোমাঞ্চিত কৰি তোলে প্ৰতিজন হৃদয়বান লোকক। চিঠিৰ মাজত থকা আলফুলীয়া শব্দই অনুভৱৰ  সুবাস -  সৌন্দৰ্যৰ মাদকতাই বুকুৰ ভিতৰত জগাই তোলে মিঠা মিঠা কুহুমীয়া বিষ । পিছে আজি উন্নতিৰ জখলাত খোজ দিয়া মানুহে চিঠিৰ মাদকতা জানো ল'ব পাৰিছে ।ক্ৰমে অতীত হ'ব খোজা চিঠিৰ মাদকতা উপলব্ধি কৰিবলৈ সেই আগৰ দৰে  মমডাল জ্বলাই দুৱাৰ খিৰিকী বন্ধ কৰি চিঠি লিখাৰ অভ্যাস কৰিবলৈ  আজি জানো সময় উলিয়াব পাৰিব ? কম্পিউটাৰ তথা মোবাইলৰ ফেচবুক, হোৱাটছএপ ইণ্টাৰনেট বিপ্লৱৰ ধামখুমিয়াত পৰি চিঠিৰ ঐতিহ্য, সুবাস সৌন্দৰ্য আৰু মধুৰতাৰ পৰা বঞ্চিত হৈছে আজিৰ উদিত প্ৰজন্ম । সমগ্ৰ বিশ্বক বিশ্বায়নৰ ধুমুহাই গো গ্রাসে গিলি কম্পিউটাৰ ইণ্টাৰনেট মোবাইলে চিঠিবোৰ কৰি পেলালে গুৰুত্বহীন । মন প্ৰশান্তি কৰা চিঠিবোৰ বিলুপ্তি হ'বলৈ ধৰাত অসমীয়া ভাষাটোয়েও অস্তিত্ব সংকটত ভুগিবলৈ আৰম্ভ কৰিলে । ক্ষুদ্ৰ গাঁৱলৈ সংকুচিত হোৱাৰ সময়ত নীলা খামৰ চিঠি বা বন্ধু প্রিয়জন,আত্মীয়স্বজন আদিলৈ সময় খৰচ কৰি কোনেও নিলিখা হ'ল নপঠোৱা হ'ল শুভেচ্ছা সম্পৰ্কীয় ভিন্ন ৰঙীন কাৰ্ড ।বিজ্ঞানৰ কোবাল ঢৌয়ে হাতে লিখা চিঠিক প্ৰবল প্ৰত্যাহ্বান জনায় উন্নতিৰ উচ্চ শিখৰলৈ আগুৱাই নিয়াৰ সময়তে ক্ৰমাৎ মানুহৰ হৃদয়বোৰ হৈ পৰিছে কঠিন আৰু  হৃদয়ত  যান্ত্ৰিকতা বৃদ্ধি পোৱাৰ লগতে হেৰুৱাবলগীয়া হৈছে স্বকীয় ভাষা কৃষ্টি-সংস্কৃতি । হৃদয়ৰ অনুভূতিৰে ভৰা আন্তৰিকতাৰ গভীৰ প্ৰত্যয়বোৰ যেন মানুহে বৰ্তমান হেৰুৱাই পেলাইছে ।  কেৱল নীলা খামৰ চিঠি বা প্ৰেমৰ চিঠিয়েই নহয় , সামগ্ৰিকভাৱে চিঠি নামৰ শব্দটোৱেই পাহৰণি গৰ্ভত জাহ যোৱাৰ বিপদ ঘণ্টা বাজিল । বিস্মৃতিৰ বিশাল গৰ্ভত অতীত হ'ব খোজা চিঠিবোৰ উঠি অহা প্ৰজন্মক অসমীয়া কৃষ্টি সংস্কৃতিৰ ঐতিহ্যৰে বিশ্ব সাহিত্য সৃষ্টি কৰা চিঠিবোৰক পুনুৰুজীৱিত আৰু  চিঠি লিখা ,পঢ়া আমেজৰ কথা সোঁৱৰাই ডিজিটেল পৰ্টেল চেনেল আজিৰ খবৰ আৰু  অগ্ৰণী সামাজিক-সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান ইন্সপিৰেশ্যনৰ   উদ্যোগত এজাক সেউজ সন্ধানী যুৱক যুৱতীয়ে হৃদয় উদ্ধেলিত কৰা ,অফুৰন্ত আনন্দ দিয়া হেৰাই যোৱা চিঠিক এক ব্যক্তিক্ৰমী  প্ৰচেষ্টাৰে জীয়াই তোলাৰ প্ৰয়াস কৰিছে  । কাউৰী ঠেঙীয়া আখৰৰ মাজত থকা হৃদয়স্পৰ্শী অনুভৱবোৰ আৰু  প্ৰবল কল্পনা শক্তিৰে কবিতাৰ গদ্যৰ দৰে  বিশ্ব সাহিত্য সৃষ্টি কৰা মনৰ সপোনৰ ভাষাবোৰক বৰ্তমানৰ বিশ্বায়নৰ যুগটো যাতে ম্লান কৰিব নোৱাৰে তাৰ উদ্দেশ্যৰে মানুহে মানুহৰ বাবে চিন্তা কৰিব পৰাকৈ ,হৃদয়ে হৃদয়ৰ লগত বন্ধুত্ব কৰিব পৰাকৈ পুনৰ চিঠি লিখা অভ্যাস গঢ় দিবৰ বাবেই আয়োজন কৰিছে ডাক যোগে নীলা খামৰ চিঠি  লিখা প্ৰতিযোগিতা । প্ৰতিযোগিতা দুটা শাখাত হ'ব । দশম শ্ৰেণীৰ পৰা স্নাতকলৈ ক শাখা আৰু খ শাখাত স্নাতকোত্তৰ পৰা সকলোৰে বাবে মুকলি থাকিব । চিঠিৰ বিষয়- প্ৰেম আৰু  বাস্তৱ সময়ৰ যিকোনো বিষয়ক লৈ লিখা হব লাগে । প্ৰতিযোগিতাৰ মাচুল পঞ্চাশ টকা ইন্সপিৰেশ্যনৰ নামত আই পি অৰ জৰিয়তে  চিঠিৰ লগত গাঁঠি দিব লাগিব ।প্ৰতিযোগীয়ে সম্পূৰ্ণ নাম ঠিকনা আৰু ফোন নম্বৰ দিয়াটো বাধ্যতামূলক । চিঠি সমূহ ৩০ নৱেম্বৰ ২০২১ ৰ ভিতৰত পঠাব লাগিব । বিজয়ী প্ৰতিযোগীক ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত বঁটা সমূহ প্ৰদান কৰা হব । চিঠিৰ আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ তেন্তে আজিয়েই এখন চিঠি লিখক পঠোৱাৰ ঠিকনা "আজিৰ খবৰ," হিৰকজ্যোতি শৰ্মা- চন্দন কলিতা,,মাৰফৎ-নৱ কুমাৰ শৰ্মা ,হাউচ নম্বৰ-৫২ (এ) বৰবাৰী, বিষ্ণুনগৰ, পুৱাৰাম টেৰং পথ,( প্ৰতীক্ষা হস্পিতালৰ সমীপত),ডাক- হেঙেৰাবাৰী ,গুৱাহাটী-৭৮১০৩৬ ।  অথবা ইন্সপিৰেশ্যন,মাৰফৎ - বসন্ত দাস-পাৰ্থ প্ৰতিম দত্ত কৃষ্ণ নগৰ  বজাৰ ,জাপৰিগোগ, হাউচ নম্বৰ -১০৬ (এ )ডাক-দিছ্পুৰ,গুৱাহাটী- ৫ বা  আজিৰ ধৰিত্ৰী ডেকা,,আজিৰ খবৰ, মাৰফৎ- বড়ো হাৰ্ডৱেৰ ষ্টল, (শ্মশান চকৰ সমীপত) কৃষ্ণনগৰ জাপৰিগোগ,ডাক -জাপৰিগোগ ,পিন- ৭৮১০০৫ কামৰূপ মেট্ৰো । সবিশেষ জানিবলৈ ৬০০০৬৯৯৯০৭(6000699907),৯৬৭৮২৬৮৯৭০ (96782 68970) আৰু  ৭৩৯৯৭১১২৫০(73997 11250) নম্বৰত যোগাযোগ কৰিব পাৰিব ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here