W7s news ষ্টাফ ৰিপ'ৰ্টাৰ,, ভাৰতৰ অন্যতম অগ্ৰগামী প্ৰদৰ্শনী প্ৰতিষ্ঠান "বুটিকচ অৱ ইণ্ডিয়া" চমুকৈ বিঅ'আইৰ ৩১ সংখ্যক বিবাহ আৰু উৎসৱ প্ৰদৰ্শনী দেওবাৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হয়। গুৱাহাটীৰ জু-ৰোডৰ এম্বিয়েন্স বেঙ্কুৱেট প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰদৰ্শনী আজি অনুষ্ঠানিকভাৱে উদ্বোধন কৰে স্বেচ্ছাসেৱী সংস্থা লেডিছ ছাৰ্কেল ইণ্ডিয়াৰ গুৱাহাটী মহানগৰ লেডিছ চাৰ্কল ১৫৯-ৰ সভানেত্ৰী মেঘা জালান, এল গোপাল জুৱেলাৰ্ছ (কুবেৰ এচি মাৰ্কেট)ৰ স্বত্বাধিকাৰী গকুল চনী,আনন্দীতা ভট্টাচাৰ্য্য আৰু বিঅ'আইৰ সঞ্জয় আগৰৱালাই।অনুষ্ঠানটোত ভাষণ প্রদান কৰি সঞ্জয় আগৰৱালাই কয়"-মহিলাসকলে ভাৰতীয় আৰু সম-সময়িক পোছাক, প্ৰকৃত গহনা,ফেশ্বন জুৱেলাৰী, চিকনকাৰী,ফুটৱেৰ, হোম ডেক'ৰ আৰু বিভিন্ন ধৰণৰ সামগ্রী ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব। আগন্তুক দেৱালী উৎসৱৰ লগত সংগতি ৰাখি এই প্ৰদৰ্শনীত নতুনত্বৰ সংযোজন ঘটোৱা এক্সক্লুছিভ সাজ-পোচাক আৰু সামগ্ৰী উপলব্ধ কৰা হৈছে। ক'ভিড প্ৰটকল মানি আয়োজন কৰা হৈছে এই প্ৰদৰ্শনী। এই প্ৰদৰ্শনীত দিল্লী,কলকাতা,বাংগালোৰ, কানপুৰ আদিকে ধৰি বহুতো প্ৰখ্যাত ডিজাইনাৰৰ সাজ-পোছাক উপলব্ধ কৰা হয়। আনকি প্ৰখ্যাত ডিজাইনাৰে এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে। বিঅআইৰ আয়োজক সঞ্জয় আগৰৱালে কয়'-এই প্ৰদৰ্শনীত সমগ্র দেশৰ কিছুমান জনপ্ৰিয় ব্ৰেণ্ডৰ বিশেষকৈ এছ, এছ, ষ্টুডিঅ' এল গোপাল জুৱেলাৰ্ছ(কুৱেৰ এচি মাৰ্কেট) মাৰ্কেট)পছ এফেয়াৰ নেহা সিংঘানিয়াৰ দ্বাৰা চার্জ আৰু জুৱেল ইন জুৱেলাৰ্ছ উপলব্ধ কৰা হৈছে। উল্লেখযোগ্য যে, এই প্ৰদৰ্শনী ১৮ অক্টোবৰত সমাপ্ত হ'ব।।
No comments:
Post a Comment