সৰু বৰ সকলো মানুহৰ পৰাই শিকিবলগীয়া আছে :: প্ৰশান্ত ৰাজগুৰু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 18 October 2021

সৰু বৰ সকলো মানুহৰ পৰাই শিকিবলগীয়া আছে :: প্ৰশান্ত ৰাজগুৰু

 



লেখক সুৰেন নেওগৰ গ্ৰন্থ 'অন্তিম অভিপ্ৰায়', 'অনুভূতিৰ সঁফুৰা' উন্মোচন





W7s News ষ্টাফৰিপোৰ্টাৰ : বিশিষ্ট লেখক, প্ৰাক্তন বন বিষয়া সুৰেন নেওগৰ জীৱন, অভিজ্ঞতা বিষয়ক গ্ৰন্থ 'অন্তিম অভিপ্ৰায়', 'অনুভূতিৰ সঁফুৰা' সোমবাৰে গুৱাহাটীৰ হাউছিং কলনি সাংস্কৃতিক প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়। গ্ৰন্থ দুখন উন্মোচন কৰি বিশিষ্ট সাংবাদিক, প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে লেখকৰ আপোচবিহীন ব্যক্তিত্বৰ বিষয়ে আলোকপাত কৰাৰ লগতে দুয়োখন গ্ৰন্থৰ সম্পৰ্কত বক্তব্য আগবঢ়ায়। নীতি আদৰ্শৰ ক্ষেত্ৰত কোনো দিনে আপোচ নকৰা সৎ সাহসী বন বিষয়া সুৰেন নেওগৰ বৈচিত্ৰপূৰ্ণ জীৱন বহুতৰ বাবে প্ৰেৰণাৰ উৎস বুলি ৰাজগুৰুৱে কয়। তেওঁ ভাষণ প্ৰসংগত কয় 'সৰু বৰ সকলো মানুহৰ পৰাই শিকিবলগীয়া আছে। কাৰ পৰা কি শিকিব পাৰি সেয়া কব নোৱাৰি। সকলো কথাই আপেক্ষিক। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি  সাহিত্যিক সাংবাদিক ৰবীন ভূঞাই সমাজ জীৱনলৈ অহা অবক্ষয় ৰোধৰ বাবে দায়িত্বশীল অভিভাৱক তথা নাগৰিকৰ গুৰুত্ব অপৰিসীম বুলি মন্তব্য কৰে । নীতি আৰ্দশহীন ৰাজনীতিকৰ হাতলৈ সমাজখনৰ সকলো নেতৃত্ব গুচি যোৱাৰ বাবেই সমাজ বিপদত পৰিছে বুলি উল্লেখ কৰে। জ্যেষ্ঠ মীন বিষয়া ডঃ ধ্ৰুৱজ্যোতি শৰ্মাই আঁতধৰা অনুষ্ঠানত লেখক সুৰেন নেওগে গ্ৰন্থ দুখনৰ আঁৰৰ কথা প্রকাশ কৰে। অনুষ্ঠানত বহু সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here