"সাদৰী কন্যা"ত বিশেষ অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 16 October 2021

"সাদৰী কন্যা"ত বিশেষ অনুষ্ঠান

 


অনাথ আশ্ৰমখনত থকা শিশু সকলৰ বাবে উৎসৰ্গিত কৰা হ'ল এটা বিশেষ দিন




W7s News ষ্টাফৰিপোৰ্টাৰ :"সাদৰী কন্যা"ত শনিবাৰে এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনাথ আশ্ৰম "সাদৰী কন্যা" থকা শিশু সকলৰ বাবে উৎসৰ্গিত কৰা হ'ল এটা বিশেষ দিন। সমাজকর্মী, লেখিকা ৰমিছা বেগমৰ উদ্যোগত শনিবাৰে সাতগাৱত থকা মাজেদূৰ ৰহমানৰ দ্বাৰা পৰিচালিত অনাথ আশ্ৰম "সাদৰী কন্যা"ত শাৰদীয় উৎসৱ উপলক্ষে ৰমিছা বেগমে আশ্ৰমত থকা ৪০ টা অনাথ শিশুৰ লগতে তাৰ লগত জড়িত থকা লোকসকলক একোখন ফুলাম গামোচাৰে শাৰদীয়  শুভেচ্ছা জনায়। লগতে দুপৰীয়াৰ এসাঁজ লগে ভাগে খায়। লেখিকাই ঘৰৰ পৰা ৰান্ধি অনা খাদ্য নিজহাতে এই আশ্ৰম খনৰ শিশুসকলক খুৱাই সন্তুষ্টি প্ৰকাশ কৰে। কবি,সাংবাদিক বিপুল শৰ্মাৰ দ্বাৰা পৰিচালিত উক্ত অনুষ্ঠানতে ৰমিছা বেগমৰ কাব্য সংকলন "অলাকানন্দ" উন্মোচন কৰে কটন কলেজৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ড০ পয়নুৰুদ্দিন আহমদ আৰু অসম মেডিকেল কলেজৰ প্ৰাক্তন অধ্যক্ষ ড০ তৌফিকুৰ ৰহমান বৰবৰাই। অসমীয়া খবৰ কাকতৰ জ্যেষ্ঠ সাংবাদিক ফাইজুৰ ৰহমান, হালিমা বেগম সমাজ সেৱক নেকিবুৰ ৰহমান হাজৰিকাৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। ৰমিছা বেগমক এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰাত আর্থিকভাৱে সহায় কৰে আব্দুল হালিম,খবিৰ আহমেদ, আৰু নৰুল প্ৰমানিকে। অনাথ আশ্ৰম খনৰ শিশু সকলে এই অনুষ্ঠানৰ আয়োজন কৰা বাবে সমাজকর্মী, লেখিকা ৰমিছা বেগমক ধন্যবাদ জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here