শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতিত প্ৰতিনিধি সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 4 October 2021

শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতিত প্ৰতিনিধি সভা

 




W7s News ষ্টাফৰিপোৰ্টাৰ ; অসম ধুবী অনুসূচীত জাতি পৰিষদৰ প্ৰথমখন ত্ৰি-বাৰ্ষিক অধিবেশন দেওবাৰে পল্টন বজাৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ শংকৰ মাধৱ ক্ষেত্ৰত অনুষ্ঠিত হয়। অসম অনুসূচীত জাতি পৰিষদৰ সহযোগত অনুষ্ঠিত এই অধিবেশন খন অসম ধুবী অনুসূচীত জাতি পৰিষদৰ সভাপতি মিঠুৰাম ৰজকৰ পৌৰোহিত্যত অনুষ্ঠিত হয়। পৰিষদৰ সাধাৰণ সম্পাদক সূৰয লাল ৰজকে আঁতধৰা অধিবেশনখনত পৰিষদৰ উপসভাপতি লক্ষ্মীনাৰায়ণ ৰজক, উপদেষ্টা ৰাজেন্দ্ৰ প্ৰসাদ শুক্লবৈদ্য, ৰবি লাল ৰজক, শ্ৰীৰাম প্ৰসাদ,কাৰ্যকৰী সভাপতি নাৰায়ণ ৰজক, আদি উপস্থিত থাকে। উল্লেখ্য, স্বাধীনতাৰ পাছত প্ৰথম বাৰৰ বাবে অসম ধুবী অনুসূচীত জাতি পৰিষদৰ কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয়। অধিবেশনত পৰিষদে নিজৰ উন্নয়নৰ বাবে, শিক্ষাৰ ক্ষেত্ৰত কাম কৰাৰ লগতে তেওঁলোকৰ জনসংখ্যাৰ তথ্য সংগ্ৰহ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা আদি দিশত আলোচনা কৰে। অধিবেশনত অসম ধুবী জাতি পৰিষদৰ প্ৰতি জিলাৰ সভাপতিক অসম অনুসূচীত জাতি পৰিষদে প্ৰতি জিলা সমিতিত

সদস্য ভুক্ত কৰা, জাতিগত প্ৰমাণ পত্ৰ লাভ কৰা, এটা স্বীকৃতিপ্ৰাপ্ত বেংক একাউণ্ট ব্যৱস্থা কৰা, অসমৰ প্ৰত্যেক জিলাত ধুবী সকলৰ বাবে কাপোৰ ধোঁৱা পখলা কৰিবলৈ বিজ্ঞান সন্মত পদ্ধতিৰে পৌৰ সভাৰ দায়িত্বত কাপোৰ ধোঁৱা ঘাটৰ ব্যৱস্থা কৰা, অসমৰ প্ৰতিখন জিলাৰ উন্নয়ন বোৰ্ডত ধুবী সমাজৰ একোজনকৈ প্ৰতিনিধি দিয়াৰ ব্যৱস্থা কৰা আদি  সিদ্ধান্ত গ্ৰহণ কৰা হয়।এই অধিবেশনত সমগ্ৰ ৰাজ্যৰ পৰা প্ৰায় শতাধিক প্ৰতিনিধি উপস্থিত থাকে। উল্লেখ্য,তিনি বছৰ পূৰ্বে এটা ৱাটছ এপ গ্রুপৰ পৰা আৰম্ভ হৈ আজিৰ পৰ্যায় লাভ কৰে পৰিষদে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here