এয়াৰটেলে মুকলি কৰিলে 'এয়াৰটেল আইকিউ ভিডিঅ' – ভাৰতত ভিডিঅ' ষ্ট্ৰীমিং ডেমক্ৰেটিজ কৰাৰ বাবে এটা চিপাছ ছলিউচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 21 October 2021

এয়াৰটেলে মুকলি কৰিলে 'এয়াৰটেল আইকিউ ভিডিঅ' – ভাৰতত ভিডিঅ' ষ্ট্ৰীমিং ডেমক্ৰেটিজ কৰাৰ বাবে এটা চিপাছ ছলিউচন

 

এয়াৰটেলৰ অত্যাধুনিক আৰু সুৰক্ষিত ভিডিঅ' ক্লাউড প্লেটফৰ্ম ব্যৱহাৰ কৰি এয়াৰটেল আইকিউ ভিডিঅ'ই এণ্টাৰটেইণ্টমেণ্ট কোম্পানী আৰু ব্ৰডকাষ্টাৰছক অ'টিটি ভিডিঅ' নিম্নতম বিনিয়োগৰে নিৰ্মাণ কৰিবলৈ অনুমতি দিয়ে

 

• অধিক কোম্পানীক ভাৰতৰ ডিজিটেল এণ্টাৰটেইণ্টমেণ্ট অৰ্থনীতিত অংশগ্ৰহণ কৰিবলৈ আৰু মানদণ্ডৰ কনটেণ্ট আনিবলৈ সক্ষম কৰিব

• 

ৰাজ টিভি আৰু ইৰোছ নাও ভাৰতৰ প্ৰাৰম্ভিক গ্ৰাহকসকলৰ মাজত। নেপালৰ চিজি টেলিকমেও প্লেটফৰ্মটো ব্যৱহাৰ কৰিছে।


W7s news ষ্টাফ ৰিপ'ৰ্টাৰ 

 ভাৰতৰ মুখ্য যোগাযোগ সমাধান প্ৰদানকাৰী ভাৰতী এয়াৰটেল ("এয়াৰটেল") এ আজি তেওঁলোকৰ ভিডিঅ' প্লেটফৰ্ম সেৱা (চিপাছ) হিচাপে 'এয়াৰটেল আইকিউ ভিডিঅ' মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই ছলিউচনটো এয়াৰটেলৰ ইন-হাউচ ইঞ্জিনিয়াৰিং দল এটাৰ দ্বাৰা বিকশিত কৰা হৈছে।

এয়াৰটেলৰ স্থিতিস্থাপক(resilient)ক্লাউড আৰু অত্যাধুনিক ভিডিঅ' প্ৰযুক্তি ব্যৱহাৰ কৰি এয়াৰটেল আইকিউ ভিডিঅ'ই ব্যৱসায়ীবোৰক আন্তঃগাঁথনি আৰু প্ৰযুক্তি ব্যৱহাৰত নিম্নতম বিনিয়োগৰ সৈতে ডাঙৰ আৰু সৰু পৰ্দাৰ বাবে  বিশ্ব-শ্ৰেণীৰ ভিডিঅ' ষ্ট্ৰীমিং সামগ্ৰী নিৰ্মাণ কৰিবলৈ অনুমতি দিয়ে। এয়াৰটেল আইকিউ ভিডিঅ' হৈছে এক এণ্ড-টু-এণ্ড পৰিচালিত সমাধান, যি ব্যয়ৰ লাভালাভৰ সুবিধা আনি দিয়ে। এইটোত এপ্' ডেভলপমেণ্ট, কনটেন্ট হোষ্টিং, কিউৰেচন আৰু লাইফচাইকেল মেনেজমেণ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন সুবিধা অন্তৰ্ভুক্ত থাকে। যাৰ ভিতৰত আছে অনুসন্ধান আৰু আৱিষ্কাৰ, বিশ্লেষণ আৰু মুদ্ৰাকৰণ মডেল (বিজ্ঞাপন, সদস্যতা(subscriptions), লেনদেন)।


উদাহৰণৰূপে ৰাজ টিভি, যিয়ে ক্ৰমান্বয়ে উপভোক্তাক ডিজিটেল সেৱা আগবঢ়োৱাৰ বাবে অ'টিটি পথ ল'বলৈ এয়াৰটেল আইকিউ ভিডিঅ' ব্যৱহাৰ কৰিছে। ৰাজ টেলিভিছন নেটৱৰ্কৰ মেনেজিং ডাইৰেক্টৰ এম ৰাজেন্দ্ৰনে কয় " আমাৰ ওচৰত ৩০,০০০ ঘণ্টাৰ এটা  কনটেণ্ট লাইব্ৰেৰী আছিল, য'ত কিছু শ্ৰেষ্ঠ তামিল, তেলেগু, কানাড়া আৰু মালায়ালম চলচ্চিত্ৰ আছিল। কিন্তু এই কনটেণ্টৰ বেছিভাগ আছিল অন টেপ/এনালগ ফৰ্মেটত। দৰ্শকেও অ'টিটিৰ জৰিয়তে এইবোৰ প্ৰাপ্ত কৰিব বিচাৰে।এয়াৰটেল আইকিউ ভিডিঅ' ব্যৱহাৰ কৰি, আমি আমাৰ কনটেণ্ট ডিজিটাইজ কৰি ইয়াক এয়াৰটেলৰ ক্লাউড প্লেটফৰ্মত হষ্ট কৰিছোঁ আৰু আমাৰ নিজৰ অ'টিটি এপ'ৰ জৰিয়তে ভাৰতসহ বিশ্বৰ দৰ্শকৰ ওচৰলৈ কনটেণ্ট আগবঢ়াবলৈ সক্ষম হৈছোঁ। গুৰুত্বপূৰ্ণ বিষয় যে, আমি অতি কম ব্যয়ত ইয়াক প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছো, যিয়ে সৰ্বশ্ৰেষ্ঠ প্ৰযুক্তিৰ প্ৰৱেশাধিকাৰৰ দ্ৰুত সময়ত ব্যৱহাৰকাৰীৰ অভিজ্ঞতা উৎকৃষ্ট হোৱাটো নিশ্চিত কৰিছে। ইয়ে এয়াৰটেলৰ সৈতে আমাৰ সম্পৰ্ক গভীৰ কৰি তুলিছে।"

আৰ.বি.এছ.এ. এডভাইজাৰৰ মতে, ভাৰতৰ ভিডিঅ' অ'টিটি বজাৰ ২০৩০ চনৰ ভিতৰত ১.৫ বিলিয়ন আমেৰিকান ডলাৰৰ পৰা ১২.৫ বিলিয়ন আমেৰিকান ডলাৰ স্পৰ্শ কৰিব বুলি আশা কৰা হৈছে। প্ৰতিবেদনখনে এইটোও আলোকপাত কৰিছিল যে অ'টিটি লেণ্ডস্কেপত দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্তৰৰ চহৰ আৰু আঞ্চলিক ভাষাৰ কাহিনীত বিকাশৰ পৰৱৰ্তী ঢৌ আহিব। এই পৰিৱৰ্তনশীল প্ৰৱণতাবোৰ দৃষ্টিগোচৰ কৰি ৰখা, বিদ্যমান আঞ্চলিক অ'টিটিবোৰে ব্যৱহাৰকাৰীৰ বৰ্ধিত সংখ্যাক সামঞ্জস্য কৰিবলৈ তেওঁলোকৰ প্ৰযুক্তি মঞ্চবোৰ স্কেল কৰিব বিচাৰিছে। পৰম্পৰাগত কনটেণ্ট প্ৰদানকাৰী যেনে আঞ্চলিক টিভি ব্ৰডকাষ্টাৰছবোৰে তেওঁলোকৰ কনটেণ্ট লাইবেৰীসমূহ ডিজিটাইজ কৰিব বিচাৰিছে অ'টিটি এপ্লিকেচনসমূহত।

ভাৰতী এয়াৰটেলৰ মুখ্য প্ৰডাক্ট অফিচাৰ আদৰ্শ নায়াৰে কয়: "এয়াৰটেল আইকিউ ভিডিঅ'ই এক সহজে ব্যৱহাৰ কৰিব পৰা প্লেটফৰ্ম আনিছে, যি যিকোনো লোকক ভিডিঅ' ষ্ট্ৰীমিংত তেওঁলোকৰ ব্যৱসায় দ্ৰুততাৰে নিৰ্মাণ আৰু স্কেল কৰাত সক্ষম কৰিব পাৰে।এয়াৰটেল আইকিউই উদ্যোগবোৰক কনটেণ্টৰ ওপৰত গুৰুত্ব দিবলৈ উৎসাহিত কৰিব আৰু ই গ্ৰাহকসকলৰ বাবে এক উৎকৃষ্ট দৰ্শনৰ অভিজ্ঞতা নিশ্চিত কৰি এণ্ড-টু-এণ্ড প্ৰযুক্তি ৰক্ষা কৰিব।এয়াৰটেল আইকিউৰ ভিডিঅ'ই আশা কৰিছে অধিক কনটেণ্ট ষ্টাৰ্টআপ আৰু পৰম্পৰাগত কনটেণ্ট কোম্পানীবোৰ অনলাইনভাৱে আৰু পোনপটীয়াকৈ অহাসকল গ্ৰাহকৰ সৈতে ডিজিটেলভাৱে জড়িত হ'ব।"

বিটা পৰ্যায়ত, এয়াৰটেল আইকিউ ভিডিঅ'টো ইৰোছ নাও আৰু নেপালৰ চিজি টেলিকমৰ দ্বাৰাও স্থাপন কৰা হৈছে। এই বজাৰৰ গ্ৰাহকৰ প্ৰতি লক্ষ্য কৰি এয়াৰটেলে অহা বছৰ প্লেটফৰ্মত ৫০+ ব্ৰেণ্ড সংযুক্ত হ'ব বুলি আশা প্ৰকাশ কৰিছে। 

চিজি গ্ৰুপৰ মেনেজিং ডাইৰেক্টৰ নিৰাৱনা চৌধুৰীয়ে কয়, "আমাৰ এটা অত্যাধুনিক আইপিটিভি আৰু ভিডিঅ' অ'টিটি প্লেটফৰ্ম  মুকলি কৰাৰ আকাংক্ষা আছে, যিটো আমাৰ টেলকো অফাৰিং ইন নেপালৰ অংশ। ভিডিঅ' আধাৰিত অফাৰৰ সৈতে এয়াৰটেলৰ প্ৰমাণিত কাৰ্যকৰীকৰণ এয়াৰটেল এক্সষ্ট্ৰীম আৰু এটা টেলিকম কোম্পানীৰ তীক্ষ্ণ বুজাবুজিয়ে আমাৰ অংশীদাৰিত্বৰ পথ প্ৰশস্ত কৰিছে।এয়াৰটেল আইকিউ ভিডিঅ' হ'ব আমাৰ ভিডিঅ' অ'টিটি এপ' আৰু আইপিটিভি,যি দুয়োটাকে শক্তি হিচাপে লৈ নেপালত আমাৰ গ্ৰাহকসকলক তেওঁলোকৰ পছন্দ অনুসৰি ডিভাইচত ষ্ট্ৰীমিং আনিম।

ইৰোছ নাওৰ মুখ্য কাৰ্যবাহী বিষয়া আলী হুছেইনে কয়, "আমি বিগত বছৰবোৰত এয়াৰটেলৰ সৈতে আমাৰ অংশীদাৰীত্ব কঢ়িয়াই আনিছো আৰু এতিয়া উৎসাহিত হৈছোঁ আমাৰ প্ৰযুক্তি সহযোগিতাৰ বিষয়কলৈ। তেওঁলোকৰ শক্তিশালী আন্তঃগাঁথনি আৰু বিস্তৃত নেটৱৰ্ক কভাৰেজে শেষৰজন উপভোক্তাক ব্লকবাষ্টাৰ কনটেণ্ট নিৰ্বিঘ্নে প্ৰদান কৰাত আমাক সহায় কৰি আহিছে। এয়াৰটেলৰ শেহতীয়া 'এয়াৰটেল আইকিউ ভিডিঅ'  এটা অভিনৱ প্লেটফৰ্ম, যিয়ে ইৰোছ নাওক ভিডিঅ' গ্ৰাহকৰ আধাৰৰ ক্ষেত্ৰত সহায় কৰিব।

এয়াৰটেল আইকিউ, এক ক্লাউড-আধাৰিত অমনি-চেনেল(omni-channel) যোগাযোগ প্লেটফৰ্ম, ব্ৰেণ্ডবোৰক গ্ৰাহকৰ সৈতে সম্পৰ্ক গভীৰ কৰিবলৈ সময়মতে আৰু সুৰক্ষিত যোগাযোগ প্ৰদান কৰে। এয়াৰটেল আইকিউয়ে একাধিক যোগাযোগৰ প্ৰয়োজনীয়তা নাইকিয়া কৰে।কেৱল এটা কোডৰ সৈতে, ব্যৱসায়বোৰে এম্বেড(embed) যোগাযোগ সেৱা সাধন কৰিব পাৰে। যেনে ভইচ, এছএমএছ, আইভিআৰ, ভিডিঅ' তেওঁলোকৰ এপ্লিকেচন আৰু ডেস্কটপ আৰু ম'বাইল ডিজিটেল বৈশিষ্ট্যত। তাৰ লগতে তেওঁলোকৰ সকলোবোৰ একত্ৰিত প্লেটফৰ্মত। অধিক বিৱৰণৰ বাবে গ্ৰাহক সকলে  www.airtel.in/iq চাব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here