কিং কোৱৰা সাপৰ লগত খেলা কৰিবলৈ গৈ প্ৰাণ গল কাছাৰৰ এজন লোকৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 6 October 2021

কিং কোৱৰা সাপৰ লগত খেলা কৰিবলৈ গৈ প্ৰাণ গল কাছাৰৰ এজন লোকৰ

 


W7s News  নিউজ ডেস্ক : কিং কোবৰা সাপৰ লগত খেলা কৰিবলৈ গৈ প্ৰাণ গল কাছাৰৰ এজন লোকৰ ৷ কাছাৰৰ ধলাই সমষ্টিৰ বিষ্ণুপুৰত সংঘটিত হৈছে ঘটনাটো ৷ নিহত লোকজনৰ নাম ৰঘুনন্দন ভূমিজ ( ৬০)  ৷ ঘৰৰ ওচৰত থকা খেতিপথাৰত কাম কৰাৰ অৱস্থাত এডাল কিং কোবৰা সাপ ওলাইছিল ৷ ধানখেতিৰ মাজত ওলোৱা সাপডাল দেখি আগবাঢ়ি গৈ সাপডাল ধৰি লয়  ৰঘুনন্দনে ৷আৰু সাপডাল ধৰাৰ পাছত উৎফুল্লিত হৈ পৰে ৰঘু ৷  কিং কোবৰা সাপডাল ডিঙিত লৈ সমগ্ৰ গাঁওত প্ৰদশৰ্ন কৰিবলৈ আৰম্ভ কৰে ৰঘুয়ে ৷লগতে সাপডাল লৈ বাহাদুৰি দেখাই  আৰম্ভ কৰে খেলা ৷একসময়ত বিষাক্ত সাপডালে খুটিয়াই দিয়ে ৰঘুক ৷ সাপে খুটিয়াই দিয়াৰ লগে লগে মাটিত ঢলি পৰে ৰঘু ৷স্থানীয় সকলে ৰঘুক উদ্ধাৰ কৰি শিলচৰ মেডিক্যাল কলেজ হাস্পতাললৈ লৈ যায় ৰঘুনন্দনক ৷ কিন্তু চিকিৎসকে ৰঘুনন্দনক মৃত বুলি ঘোষণা কৰে ৷ আনহাতে প্ৰকাণ্ড সাপডাল পাছত বনবিভাগে উদ্ধাৰ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here