W7s News ষ্টাফৰিপোৰ্টাৰ: দেশৰ পৰিস্থিতি উন্নত হৈছে যদিও সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিবলৈ চৰকাৰে অনুমতি প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰিছে সাংস্কৃতিক মহাসভা অসমে। সাংস্কৃতিক মহাসভা অসমৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা আৰু কাৰ্যকৰী সভাপতি ড০ হৰিৰাম দাসে এই সম্পৰ্কে সংবাদ মাধ্যমক কয় 'বিগত দুবছৰ ধৰি ক'ভিড পৰিস্থিতিৰ বাবে শিল্পী সকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। এই শিল্পী সকলক ৰাজ্য চৰকাৰে সকলো দিশৰ পৰা সহায় সহযোগিতা আগবঢ়োৱা উচিত। সেয়েহে আগন্তুক দুৰ্গা পূজাত নাটক-ভাওঁনা আৰু সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিবলৈ চৰকাৰক অনুমতি দিবলৈ আমি আহ্বান জনালোঁ। ' আনহাতে সাংস্কৃতিক মহাসভা, অসমৰ সম্পাদক প্ৰধান প্ৰদীপ কুমাৰ বৰাই কয় ' সম্প্ৰতি তিতাবৰৰ জ্যেষ্ঠ ঢুকিয়া শিল্পী দেৱেন চৰণ বৰবৰুৱা যোৰহাটত আৰু শিল্পী সোণমণি দত্ত গুৱাহাটীৰ হেলথ চিটি হাস্পতালত চিকিৎসাধীন হৈ আছে গতিকে দুয়োগৰাকী শিল্পীৰ সু-চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি ৰাজ্য চৰকাৰক অনুৰোধ জনালোঁ।'
No comments:
Post a Comment