W7s News ষ্টাফৰিপোৰ্টাৰ : সমাগত শাৰদীয় দুৰ্গোৎসৱ পালনৰ প্ৰস্তুতি সম্পৰ্কত আলোচনা কৰিবলৈ শুকুৰবাৰে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত জিলাখনৰ পূজা সমিতিসমূহৰ লগত এখন সভা অনুষ্ঠিত হয়৷ অতিৰিক্ত উপায়ুক্ত সুজিত বাগলাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত এইবেলি দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰা মান সম্পন্ন পৰিচালন বিধি সম্পৰ্কত বিতংভাৱে আলোচনা কৰা হয়৷ ৰাজ্য চৰকাৰে সুৰক্ষিতভাৱে পূজা উদযাপন কৰিবলৈ জাৰি কৰা কোভিড-১৯ প্ৰতিৰোধী পূজা পৰিচালন বিধি সম্পৰ্কে শ্ৰীবাগলাৰীয়ে উপস্থিত সকলোকে অৱগত কৰে৷
তেওঁ কয় 'সকলোৱে স্বাস্থ্যসন্মতভাৱে পূজাৰ আনন্দ ল’বৰ বাবে কম আড়ম্বৰপূৰ্ণ পূজা অনুষ্ঠিত কৰিব লাগিব৷ পূজা অনুষ্ঠিত কৰাৰ প্ৰথম চৰ্ত হ’ল প্ৰশাসনৰ অনুমতি৷ পূজা সুকলমে অনুষ্ঠিত কৰিবলৈ সমিতিসমূহে পৰ্যাপ্ত স্বেচ্চাসেৱক নিয়োগ কৰিব লাগিব আৰু অনুমতি ল’বৰ বাবে জনোৱা আবেদনৰ লগত স্বেচ্চাসেৱকৰ তালিকা গাঁঠি দিব লাগিব৷ অন্ততঃ এপালি ক'ভিড প্ৰতিষেধক লোৱাটো সকলোৰে বাবে বাধ্যতামূলক যদিও পূজা সমিতিয়ে দুয়োপালি প্ৰতিষেধক লোৱা লোকক স্বেচ্চাসেৱক বাহিনীত অন্তৰ্ভূক্ত কৰাত অগ্ৰাধিকাৰ দিব লাগিব৷ জিলা পৰ্যায়ত আৰু ৰাজহ চক্ৰ পৰ্যায়ত প্ৰশাসনে ইয়াৰ বাবে টাস্ক ফৰ্চ গঠন কৰিব যদিও পূজাৰ স্বেচ্চাসেৱক বাহিনীৰ দায়িত্ব চৌব্বিশ ঘণ্টীয়া কৰিব লাগিব বুলিও অতিৰিক্ত উপায়ুক্তগৰাকীয়ে সকলোকে অনুকিয়াই দিয়ে৷ তেওঁ আৰু কয় যে পূজাথলী আহল-বহল হোৱাৰ উপৰি তাত প্ৰৱেশ আৰু প্ৰস্থান পথৰ বাবে স্পষ্ট নিদেৰ্শনা থাকিব লাগিব৷ আনহাতে পূজাথলীৰ সম্পূৰ্ণ এলেকা চেনিটাইজ কৰাৰ লগতে প্ৰৱেশ পথত মাস্ক আৰু চেনিটাইজাৰ ৰখাটো বাধ্যতামূলক৷ দৰ্শনাৰ্থীসকলে প্ৰতিষেধক লোৱাটো বাধ্যতামূলক যদিও ১৮ বছৰৰ তলৰ লোকসকলক এইক্ষেত্ৰত ৰেহাই দিয়া হ’ব৷ অৱশ্যে ক'ভিডৰ অন্যান্য নীতি-নিৰ্দেশনা যেনে মাস্ক পৰিধান কৰা, দূৰত্ব বজাই ৰখা আদি সকলোৰে বাবে বাধ্যতামূলক৷ মাস্ক পৰিধান নকৰিলে পূজাথলীত প্ৰৱেশৰ অনুমতি দিয়া নহ’ব৷
এইবাৰৰ পূজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে৷ আৰু কোনো ক্ষেত্ৰতে যাতে মানুহৰ ভিৰ নহয় তাৰ ওপৰত পূজা উদযাপন সমিতিয়ে অনবৰতে চোকা দৃষ্টি ৰাখিব লাগিব বুলিও শ্ৰীবাগলাৰীয়ে কয়৷ তদুপৰি পূজাৰ আগত আৰু অন্তত সমিতিৰ লোকসকলৰ কোভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে বুলিও তেওঁ অৱগত কৰে৷ আনহাতে প্ৰতিমা স্থাপন বা বিসৰ্জনৰ ক্ষেত্ৰত সুবিধা হ’বৰ বাবে পূজাৰ প্ৰতিমাৰ জোখ সৰু কৰিবলৈও তেওঁ আহ্বান জনায়৷ ষষ্ঠীত প্ৰতিষ্ঠা কৰা আৰু দশমীত বিসৰ্জন দিয়া–এই দুয়োটা কাৰ্যসূচীতে সীমিত লোকৰ উপস্থিতি নিশ্চিত কৰিবলৈও তেওঁ পূজা সমিতিৰ কৰ্মকৰ্তাসকলক আহ্বান জনায়৷ আনহাতে বিসৰ্জন পৰ্ব যিমানদূৰ সম্ভৱ দিনৰ ভাগতে সমাপ্ত কৰা সম্পৰ্কতো তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ সভাত আৰক্ষী অধীক্ষকৰ প্ৰতিনিধিগৰাকীয়ে পূজা উদযাপনৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা পূৰ্ণ সহযোগিতা আগবঢোৱাৰ আশ্বাস প্ৰদান কৰে৷ তেওঁ লগতে পূজাথলীত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰাৰ উপৰি অগ্নি নিৰ্বাপনৰ ব্যৱস্থা কৰা, যথাসম্ভৱ পাৰ্কিঙৰ ব্যৱস্থা কৰা, ৰাতি স্বেচ্চাসেৱক ৰখাটো নিশ্চিত কৰা, প্ৰতিমা বিসৰ্জন পোহৰতে সম্পন্ন কৰাৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনোৱাৰ লগতে বিশেষকৈ সন্দেহজনক কোনো বস্তু, বেগ আদি দেখা পালে ততালিকে আৰক্ষীক জনাবলৈও অনুৰোধ কৰে৷ তদুপৰি জৰুৰীকালীন নম্বৰৰ তালিকা প্ৰতিখন পূজা মণ্ডপতে আঁৰি থোৱাৰ ব্যৱস্থা কৰিবলৈও তেওঁ অনুকিয়াই দিয়ে৷ সভাত পূজা সমিতিৰ প্ৰতিনধিসকলৰ উপৰি জিলাখনৰ ৰাজহ চক্ৰ বিষয়াসকল আৰু তথ্য আৰু জনসংযোগ বিষয়াও উপস্থিত থাকে৷ সভাত সকলোৱে আগন্তুক দুৰ্গা পূজা সুকলমে পালন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে৷
No comments:
Post a Comment