সংখ্যালঘু মানেই মুছলমান নহয়, সংখ্যালঘু উন্নয়ন ব’ৰ্ড মুছলমানৰ ব্ৰেণ্ড এম্বেচাদৰ নহয়ঃ মুমিনুল আৱাল - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Friday, 24 September 2021

demo-image

সংখ্যালঘু মানেই মুছলমান নহয়, সংখ্যালঘু উন্নয়ন ব’ৰ্ড মুছলমানৰ ব্ৰেণ্ড এম্বেচাদৰ নহয়ঃ মুমিনুল আৱাল

Responsive Ads Here

 

IMG_20210925_010201





W7s news ষ্টাফৰিপোৰ্টাৰ :  সংখ্যালঘু মানেই মুছলমান নহয় আৰু সংখ্যালঘু উন্নয়ন ব’ৰ্ড মুছলমানৰ ব্ৰেণ্ড এম্বেচাদৰ নহয়। গুৱাহাটীত শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য অসম সংখ্যালঘু ব’ৰ্ডৰ অধ্যক্ষ চৈয়দ মুমিনুল আৱালৰ। আৱালে কয়  'মুছলমান¸ খ্ৰীষ্টান¸ বৌদ্ধ¸ জৈন¸ শিখকে ধৰি ৰাজ্যখনত প্ৰায় ডেৰ কোটি সংখ্যালঘু লোক আছে। সংবিধানৰ গণ্ডীত থাকি এই সংখ্যালঘু লোকসকলক সগলো দিশতে আগবঢ়াই নিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে বিভিন্ন চৰকাৰী বিভাগ আছে। তেনেক্ষেত্ৰত সংখ্যালঘুৰ বিষয়ত কিবা কথা ওলালেই উন্নয়ন ব’ৰ্ডখনকে টানি অনা । যিটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। কিয়নো সংখ্যালঘু উন্নয়ন ব’ৰ্ড মুছলমানৰ ব্ৰেণ্ড এম্বেচাদৰ নহয়। আৱালে কয় যে পূৰ্বে ব’ৰ্ডৰ বিৰুদ্ধে দালালৰাজ¸ স্বজন তোষণকে ধৰি বিভিন্ন অভিয়োগ আছিল। কিন্তু ২০১৭ চনৰপৰা তেনে কোনো অভিযোগ নাই। স্বচ্ছতাৰে ব’ৰ্ডৰ কাম পৰিচালিত হৈছে। ২০১৮ৰ পৰা ২০২০ চনলৈ ব’ৰ্ডে ১¸৩৬৯ গৰাকী সংখ্যালঘু ছাত্ৰ-ছাত্ৰীক মেধাৰ ভিত্তিত চিকিৎসাৰ লগত জড়িত পাঠ্যক্ৰমত শিক্ষা গ্ৰহণৰ সুবিধা দিছে। নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীৰ তালিকা সকলোৱে চাবপৰাকৈ ব’ৰ্ডৰ ৱেবচাইটত সংলগ্ন কৰা হৈছে। আৱালে কাৰ্যভাৰ গ্ৰহণৰ পাছত ব’ৰ্ডত দালালৰাজৰ অন্ত পৰা বুলি দাবী কৰি তেওঁৰ কাৰ্যকালত ব’ৰ্ডলৈ আৱণ্টিত পুঁজিৰ খটিয়ন দাঙি ধৰে। তেওঁ জনোৱা মতে ২০১৭-১৮ বিত্তীয় বৰ্ষত ব’ৰ্ডৰ বাবে চৰকাৰে ১২কোটি টকা ধাৰ্য কৰিছিল যদিও ৯০লাখ টকা মোকলাই দিয়ে। ২০১৮-১৯ বিত্তীয় বৰ্ষত ১৩কোটি ২০ লাখ টকা ধাৰ্য কৰাৰ বিপৰীৰে মোকলাই দিয়ে ১১কোটি ৮৩ লাখ ৭৭ হাজাৰ ৩০০ টকা। একেদৰে ২০১৯-২০ত ১৬কোটি ৮লাখ ধাৰ্য কৰা হৈছিল। কিন্তু মোকলাই দিয়ে ১৬ কোটি ১লাখ ২২লাখ ৯৭০ টকা ২০২০-২১ চনত ১৩কোটি ৩০ লাখ ধাৰ্য কৰাৰ বিপৰীতে মোকলাই দিয়ে ৯ কোটি ৬৯ লাখ ৬৫হাজাৰ ৭৬ টকা। চলিত বিত্তীয় বৰ্ষত ১০.৫০ কোটি টকা চৰকাৰে ধাৰ্য কৰা হৈছে যদিও চৰকাৰৰ পৰা বৰ্তমানলৈ পুঁজি আৱণ্টন পোৱা নাই। তেওঁ জনোৱা মতে ৪টা বিত্তীয় বৰ্ষত ৫৪ কোটি ৫৮ লাখ টকা বাজেটত ধাৰ্য কৰাৰ বিপৰীতে ব’ৰ্ডে লাভ কৰে ৩৮কোটি ৪৪ লাখ ৬৫ হাজাৰ ৩৫৫ টকা।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *