W7s News ষ্টাফৰিপোৰ্টাৰ : প্ৰতিভাবান সুৰকাৰ, সংগীত পৰিচালক দৰ্শন শইকীয়াৰ সুৰ, সংগীত আৰু জনপ্রিয় শিল্পী জুবিন গাৰ্গ আৰু জুবলী বৰুৱাৰ কণ্ঠত ট'ন মিডিয়াৰ নিবেদনত মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি কৰা হয় 'মিলনৰ মুৰুলী' শীৰ্ষক গীত তথা ভিডিঅ’৷ গীতৰ কথা ডানিচ আহমেদৰ আৰু ভিডিঅ’ পৰিচালনা টিৰাপ সীমান্ত মেধীৰ৷ ভিডিওত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ, মধুশ্মিতা, পঞ্চীপ্ৰিয়া আৰু বহুতো অভিনয় শিল্পী। এই উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত বিশিষ্ট সংগীত পৰিচালক, শব্দযন্ত্ৰী ভূপেন উজীৰ, বিশিষ্ট অভিনেত্রী মৃদুলা বৰুৱা, শিল্পী জুবিন গাৰ্গ, জ্যেষ্ঠ সংবাদিক নিতুমণি শইকীয়া, জুৱলী বৰুৱা, জ্যোতি চিত্রবন ফিল্ম চ'ছাইটিৰ অধ্যক্ষ পবিত্র মাৰ্ঘেৰিটা, সংগীত শিল্পী অনুপম শইকীয়া, সংগীত পৰিচালক ৰূপম তালুকদাৰ আদিয়ে গীতটি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে। উন্মোচন কৰি বিশিষ্ট সংগীত পৰিচালক ভূপেন উজীৰে দৰ্শন শইকীয়াৰ সংগীতে অসমীয়া সংগীতক নতুন মাত্ৰা প্ৰদান কৰিব বুলি উল্লেখ কৰাৰ লগতে কাৰিকৰী ভাৱে পৰিচালক গৰাকীৰ সাংগীতিক প্ৰয়োগৰ শলাগ লয়৷ যুৱ প্ৰজন্মৰ হার্টথ্রব জুবিন গাৰ্গে সুৰকাৰ, সংগীত পৰিচালক দৰ্শন শইকীয়াৰ সুৰ আৰু সংগীতত মেলডিৰ প্ৰভাৱে আকৃষ্ট কৰা বুলি মন্তব্য কৰি জুবিন গাৰ্গৰ কেইবাটাও নতুন গীত দর্শন শইকীয়াৰ সংগীতৰে সংগীতপ্রেমীয়ে লাভ কৰিব বুলি জানিবলৈ দিয়ে।ভাতৃ-ভগ্নী স্নেহৰ এক আবেগিক সম্পর্ক গীতটোৰ জৰিয়তে অতি নিখুত ভাৱে প্ৰকাশ পোৱা বুলি সাংস্কৃতিক সংগঠক পবিত্র মাৰ্ঘেৰিটাই মন্তব্য কৰে৷ বিশিষ্ট অভিনেত্রী মৃদুলা বৰুৱাই বৰ্তমানৰ অসমীয়া সংগীতৰ সোঁতৰ বিপৰীতে এটা নিভাজ আৰু মিঠা গীত অসমৰ ৰাইজে লাভ কৰিলে বুলি উল্লেখ কৰে। ইতিপূর্বে দৰ্শন শইকীয়াৰ সুৰ আৰু সংগীত পৰিচালনাৰে বহুকেইটা গীত মুক্তি লাভ কৰাৰ লগতে কেইবাখনো তথ্য চিত্র আৰু শেহতীয়া ভাৱে অসমীয়া চলচিত্ৰ “ৰাজনীতি”ৰ গীতটো সংগীত পৰিচালনা কৰিছে।
No comments:
Post a Comment