লাকী ড্ৰ বিজয়ীক পুৰষ্কাৰ বিতৰণ নেক্সট ইলেকট্ৰনিক্সৰ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Friday, 24 September 2021

demo-image

লাকী ড্ৰ বিজয়ীক পুৰষ্কাৰ বিতৰণ নেক্সট ইলেকট্ৰনিক্সৰ

Responsive Ads Here

 


W7s news,ষ্টাফ ৰিপৰ্টাৰ :

IMG-20210923-WA0026

গুৱাহাটীৰ নেক্সট ইলেকট্ৰনিক্স আটাইতকৈ জনপ্ৰিয় আৰু প্ৰতিষ্ঠিত ইলেকট্ৰনিক্স শ্ব'ৰুম সমূহৰ অন্যতম। ৯ দিন পূৰ্বে অৰ্থাৎ ১৩ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰৰ ভিতৰত বৰ্ষপূৰ্তি উপলক্ষে শ্ব'ৰুমৰ পৰা ক্ৰয় কৰা গ্ৰাহক সকলকৰ বাবে লাকী ড্ৰ মুকলি কৰা হৈছিল। ১৯ ছেপ্টেম্বৰত লাকী ড্ৰ কাৰ্যসূচী আয়োজন কৰা হৈছিল আৰু প্ৰথম বিজয়ীয়ে ২৪,৯৯০ টকাৰ উপহাৰ "কিডছেন চিমনি" লাভ কৰে। এই সন্দৰ্ভত শ্ব'ৰুমটোৰ স্বত্বাধিকাৰী অভিষেক চোনীয়ে কয়"-আমাৰ প্ৰথম পুৰষ্কাৰ লাভ কৰা ভাগ্যৱন বিজয়ী গৰাকী দিছপুৰৰ স্নেহা ৱালিয়া।দ্বিতীয় পুৰষ্কাৰ লাভ কৰে মালিগাঁৱৰ প্রীতি কুমাৰী আৰু ৰিহাবাৰীৰ স্বৰ্ণলতা দাসে তৃতীয় পুৰস্কাৰ লাভ কৰে। মহামাৰীৰ পিছত নেক্সট ইলেকট্ৰনিক্সে লোন মেলা মুকলি কৰে। য'ত এজন সাধাৰণ লোকে কেছ বেক অফাৰ আৰু ইএমআই ৰ জৰিয়তে গ্ৰাহকে ইলেকট্ৰনিক্স মোবাইল আৰু লেপটপ ক্ৰয় কৰিবলৈ সক্ষম হয়। লোন মেলাত বৃহৎ সঁহাৰি লাভ কৰাৰ পিছত আগন্তুক দুৰ্গা পূজা আৰু ধনটেৰাজত এই লাকী ড্ৰ'ৰ ব্যৱস্থা অব্যাহত ৰাখিব বুলিও অভিষেক চোনীয়ে জানিব দিয়ে। সকলো গ্ৰাহকে কেৱল গুৱাহাটীৰ উলুবাৰীৰ বি .বৰুৱা ৰোডত থকা নেক্সট ইলেকট্ৰনিক্সতহে তেওঁলোকৰ ভাগ্য পৰীক্ষা কৰিব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *