সূৰ্য চিমেণ্টে ঘোষণা কৰিলে 'ভেকছিন লাগাও ইনাম পাও' প্ৰতিযোগিতাৰ বিজয়ীৰ নাম - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 20 September 2021

সূৰ্য চিমেণ্টে ঘোষণা কৰিলে 'ভেকছিন লাগাও ইনাম পাও' প্ৰতিযোগিতাৰ বিজয়ীৰ নাম

 




W7s News ষ্টাফৰিপোৰ্টাৰ : উত্তৰ-পূৰ্বাঞ্চলৰ এক পছন্দৰ আৰু ভাৰতৰ নিৰ্মাণ সামগ্ৰী উদ্যোগৰ আগশাৰীৰ ব্ৰেণ্ড সূৰ্য চিমেণ্টে ভেকছিন ইনচেণ্টিভ কাৰ্যসূচীৰূপে "ভেকছিন লাগাও ইনাম পাও" শীৰ্ষক এক প্ৰতিযোগিতা আয়োজন কৰিছিল। যি প্ৰতিযোগিতাখনৰ মূল বিষয় আছিল টিকাকৰণ গ্ৰহণ কৰক, পুৰস্কৃত হওক। সূৰ্য চিমেণ্টে কামৰূপ (মেট্ৰ') আৰু কামৰূপ (গ্ৰাম্য)ৰ ডিলাৰ নেটৱৰ্কত নিৰ্মাণ শ্ৰমিকসকলৰ বাবে যোৱা ১জুলাইত "ভেকছিন লাগাও ইনাম পাও" প্ৰতিযোগিতা আৰম্ভ কৰিছিল। 


"ভেকছিন লাগাও এনাম পাও" প্ৰতিযোগিতাখন ১৫ ছেপ্টেম্বৰত বিজয়ীৰ নাম ঘোষণাৰ সৈতে সমাপ্ত হৈছিল। কামৰূপ গ্ৰাম্যৰ বিজয়নগৰৰ ধনেশ্বৰ দাসে প্ৰথম পুৰস্কাৰ লাভ কৰে। আনহাতে,কামৰূপ গ্ৰাম্যৰ শুৱালকুচিৰ কিশোৰ কুমাৰ দাসে দ্বিতীয় আৰু কামৰূপ গ্ৰাম্যৰ মিৰ্জাৰ নিপেন ৰভাই তৃতীয় পুৰস্কাৰ লাভ কৰে।


এই সম্পৰ্কে পূৰ্বাঞ্চল চিমেণ্ট লিমিটেডৰ এম.ডি. মধুৰ আগৰৱালাই কয়- "মই বিজয়ীসকলক আৰু টিকাকৰণত অংশগ্ৰহণ কৰা সকলোকক অভিনন্দন জনাইছো। 

প্ৰতিযোগিতাখনে আপোনাক নিজকে, আপোনাৰ প্ৰিয়জনক আৰু আপোন দেশক সুৰক্ষা দিয়াত সহায় কৰিছে।" 


প্ৰথম তিনিজনক বিজয়ী বাছনি কৰিবলৈ লটাৰী ড্ৰ কৰিছিল গুৱাহাটীৰ মেচাৰ্ছ ধনশ্ৰী ষ্টীলৰ মুকেশ গুপ্তা, কোম্পানীৰ জেনেৰেল মেনেজাৰ (চেলছ এণ্ড মাৰ্কেটিং) গৌতম ভট্টাচাৰ্য আৰু উপ মহাপ্ৰৱন্ধক (বিক্ৰী আৰু বিপণন) ৰঞ্জিত সিঙে। উপস্থিত আছিল কোম্পানীৰ জ্যেষ্ঠ প্ৰৱন্ধক (ব্ৰেণ্ড) পংকজ সৰকাৰৰ উপৰি অন্যান্য বিষয়া।


বিজয়ীসকলক শুভেচ্ছা জনাই উপ মহাপ্ৰৱন্ধক (বিক্ৰী আৰু বিপণন) ৰঞ্জিত সিঙে কয়-" সঠিক ব্যক্তিজনক নিৰ্বাচন কৰি পুৰস্কৃত কৰিবলৈ পায় আনন্দিত হৈছোঁ। ভাইৰাছ বিয়পাত বাধা আৰু ক'ভিডত সংক্ৰমিত হলে গুৰুতৰ ৰোগৰ পৰা হাত সাৰিবলৈ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে ভেকচিন।"


প্ৰতিযোগিতাৰ সময়ছোৱাত ১০০০জন নিৰ্মাণ শ্ৰমিকে প্ৰথম পালি ভেকচিন লোৱাৰ প্ৰমাণ পত্ৰ দাখিল কৰিছিল। তেওঁলোককো উপহাৰ দিয়া হৈছিল। তিনি বিজয়ীক গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিৰ মেঘা প্লাজাত পূৰ্বাঞ্চল চিমেণ্টছ লিমিটেডৰ এক অনুষ্ঠানত আজি চেক প্ৰদান কৰা হয়। এই কোম্পানীটোৰ এক বৃহৎ ডিলাৰ নেটৱৰ্ক আছে। এই দুখন জিলাত কোম্পানীটোৰ ৫০০তকৈ অধিক ডিলাৰ আৰু উপ-ব্যৱসায়ীৰ নেটৱৰ্ক আছে।


ক'ভিড টিকাকৰণৰ হাৰ বৃদ্ধি কৰা আৰু নিৰ্মাণ খণ্ডৰ সৈতে সংযুক্ত শ্ৰমিকসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে প্ৰতিযোগিতাখন আৰম্ভ কৰা হৈছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here