সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'শতদল'ৰ পঞ্চবিংশতি সংখ্যক প্ৰতিষ্ঠা দিৱস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 29 September 2021

সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'শতদল'ৰ পঞ্চবিংশতি সংখ্যক প্ৰতিষ্ঠা দিৱস

 




W7s News ষ্টাফৰিপোৰ্টাৰ : অসমৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'শতদল'ৰ পঞ্চবিংশতি সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বুধবাৰে  হেঙেৰাবাৰী হাউছিং কলনীৰ ৰামধেনু কলা-কেন্দ্ৰত সভাপতি হৰেন্দ্ৰনাথ বৰাৰ সভাপতিত্বত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। সভাত মুখ্য অতিথিৰূপে মৃণালিনী দেৱীয়ে সমাজত নাৰীৰ ভূমিকা আৰু নৱ-প্ৰজন্মৰ প্ৰতি অভিভাৱকৰ দায়িত্ব সম্পৰ্কে তত্বগধুৰ বক্তিতা প্ৰদান কৰে। সভাত সম্বৰ্ধিত ব্যক্তি ক্ৰমে…বিশিষ্ট সংবাদিক-সাহিত্যিক যদু কাকতিয়ে মানুহৰ সামাজিক দায়িত্ব কেনে হোৱা উচিত সেই বিষয়ে বক্তৃতা প্ৰদান কৰে।  আই এ এছ বিষয়া তথা লেখক-সাহিত্যতিক ধীৰেন্দ্ৰনাথ শইকীয়াই শতদল সমাজলৈ আগবঢ়াই অহা গ্ৰন্থ প্ৰকাশকে ধৰি স্বাস্থ্য সজাগতা সভা আৰু অন্যান্য অৱদানৰ বিষয়ে আলোকপাত কৰি এটি সুন্দৰ বক্তিতা প্ৰদান কৰে; বিশিষ্ট চিকিৎসক তথা শিল্পী-সাহিত্যিক ডা: হিতেশ বৰুৱাই 'শতদল'ৰ কৰ্মৰাজীৰ শলাগ লৈ ভবিষ্যতে সদায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দি সুৰীয়া গীতেৰে ৰাইজক আপ্লুত কৰে। সভাত 'এচ  চি ই আৰ টি' ৰ অৱসৰী গাণনিক বিষয়া তথা বিশিষ্ট লেখিকা বীণা বৰুৱা আৰু বিশিষ্ট লেখিকা বিজয়লক্ষ্মী গোস্বামীয়ে 'শতদল'ৰ  গঠনমূলক কামসমূহৰ শলাগ লৈ সাৰুৱা ভাষণ প্ৰদান কৰে। সভাত গীতিকা দাসে বৰগীত আৰু স্বপ্নালী কাকতিয়ে কবিতা পাঠ কৰে।  সভাপতিৰ ভাষণত হৰেন্দ্ৰনাথ বৰাই সমাজৰ বাবে শতদলে কৰি অহা কামৰ উল্লেখ কৰি ভৱিষ্যতলৈকো জনসেৱা কৰি যোৱাৰ মানসিকতা পোষণ কৰে। সভাৰ শেষত কাৰ্যকৰী সভাপতি পুতলী কায়স্থই কৰ্ম-ব্যস্ততাৰ মাজতো এই বিশেষ দিনটিত সকলোৰে পৰা পোৱা সহযোগিতাৰ বাবে শলাগৰ শৰাই আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here