W7s News নিউজ ডেস্ক: ৬ ছেপ্টেম্বৰৰ পৰা পুনৰ খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান শিক্ষক,শিক্ষাৰ্থীলৈ শিক্ষা বিভাগৰ তৰফৰ পৰা বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। একাদশ শ্রেণী পৰ্যন্ত বন্ধ থাকিব সকলো শ্রেণীকোঠা। দ্বাদশ আৰু স্নাতক ষষ্ঠ ষান্মাসিক শ্রেণী,স্নাতকোত্তৰ চতুৰ্থ ষান্মাসিকৰ শ্রেণীৰ পাঠগ্রহণৰ বাবে অনুমতি।১৮ বছৰ উৰ্ধ্বৰ দ্বাদশ শ্রেণীৰ শিক্ষাৰ্থীক শ্ৰেণী কোঠাত উপস্থিত থকাৰ অনুমতি।শ্ৰেণীসমূহৰ এটা শাখাত ৩০জনতকৈ অধিক শিক্ষাৰ্থী উপস্থিত থাকিব নোৱাৰিব। শ্রেণী আৰম্ভ হোৱা শিক্ষাৰ্থীহে হোষ্টেলত থাকিব পাৰিব। হোষ্টেলৰ প্রতিগৰাকী আৱাসীয়ে দুই পালি ভেকচিন লোৱাটো বাধ্যতামূলক। এপালি ভেকচিন লোৱা শিক্ষাৰ্থীয়ে পাঠগ্রহণ কৰিব পাৰিব।হোষ্টেলত থাকিব নোৱাৰিব। শিক্ষানুষ্ঠান আৰম্ভ হোৱাৰ প্ৰথম ৩দিনত শিক্ষক,শিক্ষাৰ্থী,শিক্ষাকৰ্মীৰ ভেকচিন প্রদানৰ ব্যৱস্থা কৰ হ’ব। প্রয়োজন সাপেক্ষে বিদ্যালয় কৰ্তৃপক্ষই শাখা বৃদ্ধি কৰিব পাৰিব। বাকী সকলো শ্রেণীৰ বাবে অনলাইন শিক্ষাদানৰ ব্যৱস্থাই বাহাল থাকিব।
No comments:
Post a Comment