সাংবাদিক, কবি কুশল লাহনৰ প্রথমটো গীত ''নিয়ৰৰ কণা” মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 14 August 2021

সাংবাদিক, কবি কুশল লাহনৰ প্রথমটো গীত ''নিয়ৰৰ কণা” মুকলি

 



W7s News ষ্টাফৰিপোৰ্টাৰ : সাংবাদিক, কবি কুশল লাহনে লিখা প্রথমটো গীত শনিবাৰে মুকলি কৰা হয়। দিয়ান হাজৰিকাৰ সুৰ আৰু কন্ঠ আৰু হিৰকজ্যোতি নাথৰ সংগীতেৰে সজোৱা ''নিয়ৰৰ কণা” শীর্ষক আধুনিক গীতটো গুৱাহাটীৰ ৰাজগড়স্থিত ৰিকন হোটেলত  মুকলি কৰা হয়। গীতটো মুকলি কৰি বিশিষ্ট সংগীত শিল্পী অনুপম শইকীয়াই কয় 'কুশল লাহনৰ প্ৰচুৰ মানসিক শক্তি আছে।গীতৰ কথা, সংগীত আৰু কণ্ঠৰে 'নিয়ৰৰ কণা' শীৰ্ষক গীতটো প্ৰাণ পাই উঠিছে। এই তিনিওটাৰ সুন্দৰ সংমিশ্ৰণে গীত এটাক পূৰ্ণ কৰি তোলে। অসমৰ প্ৰান্তে প্ৰান্তে সংগীত ভালপোৱা সকলে এই গীতটোৰ মাজেৰে নিজকে বিচাৰি পাব বুলি আশা প্ৰকাশ কৰিলোঁ।  গীতিকাৰৰূপে কুশল লাহনে সাংস্কৃতিক ক্ষেত্ৰখন চহকী কৰি যাব বুলি আশা প্ৰকাশ কৰিলোঁ।' সভাত জ্যেষ্ঠ ফটো সাংবাদিক চিন্ময় ৰয়ে কয় ' কুশল লাহনৰ যথেষ্ট মানসিক শক্তি আছে। তেওঁ এনেদৰে সাহসিকতাৰ মানসিকতা লৈ আগবাঢ়ি যাওঁক।' আনহাতে অভিনেত্ৰী সীমা বৰুৱাই কয় ' কুশল লাহন যুঁজাৰু মনৰ অধিকাৰী। তেওঁ কথাৰে পৃথিৱীৰ বহুতকে উৎসাহিত কৰি  যাব। তেওঁৰ কথাত সাহসৰ যাত্ৰাত আগুৱাই যাবলৈ প্ৰেৰণা পাওঁ।' সভাত অভিনেতা উজ্জ্বল বৰাই কয় 'কুশল লাহনৰ আগবাঢ়ি যোৱাৰ প্রয়াসক সন্মান জনাইছোঁ। তেওঁ এটা সুন্দৰ গীত লিখিছে। তেওঁক দেখিলে মোৰ ষ্টিফেন হকিংছৰ কথা মনলৈ আহে। কুশল লাহনেও গোটেই বিশ্ব জয় কৰি যাওঁক তাৰে আশা প্ৰকাশ কৰিলোঁ। সাংবাদিক অনুপমা ডেকাই আঁতধৰা সভাখনৰ উদ্দেশ্য ব্যখ্যা কৰে সাংবাদিক ড০ কুশল কলিতাই। কুশল লাহন প্ৰডাকচনৰ বেনাৰত নিবেদিত গীতৰ শুভমুক্তি সভাত কুশল লাহনৰ মাতৃ দীপালি লাহন, ভাতৃ নিলোৎপল লাহনৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here