গণশিল্পী প্ৰয়াত খগেন মহন্তক ওপজা দিনত পুত্ৰৰ স্মৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 17 August 2021

গণশিল্পী প্ৰয়াত খগেন মহন্তক ওপজা দিনত পুত্ৰৰ স্মৰণ

 



W7s News নিউজ ডেস্ক:

গণশিল্পী প্ৰয়াত খগেন মহন্তৰ ওপজা দিনত পুত্ৰ অংগৰাগ (পাপন) মহন্তই সামাজিক মাধ্যমত সোঁৱৰণ কৰে। অংগৰাগ (পাপন) মহন্তই ফেচবুকত পিতৃৰ সৈতে এখন ফটো আপলোড কৰি এনেদৰে এটা পোষ্ট দিয়ে 

'এনে এটি দিন নাই যিদিনা তোমাৰ কথা নাভাবো, তোমাৰ কথা নাপাতো। তোমাৰ সৰু-বৰ প্ৰতিটো স্মৃতিয়ে মোৰ প্ৰতিটো পল আৱৰি ৰাখে। সংগীতৰ লগতে জীৱনকো ভাল পাবলৈ তুমি শিকালা। মৰম, শ্ৰদ্ধা আৰু সততাৰে আগুৱাই যোৱাৰ সাহস বুকুত সিঁচি দিলা। মানৱতা তথা এই ব্ৰহ্মাণ্ডৰ প্ৰতি বিশ্বাসৰ বীজো তুমিয়েই মোৰ মাজত ৰুঁই থৈ গ'লা। তোমাৰ পৰাই বিচাৰি পালো জীৱনক অতি সহজ, সৰল আৰু মূল্যবোধৰ মাজেৰে জীয়াই থকাৰ বাট। 

প্ৰতিটো জীৱনত তুমি যাতে মোৰ কাষত থাকা। দেউতা হৈ মোক প্ৰতিবাৰ যাতে জীৱনৰ বাট দেখুৱাই থাকা।

জন্মদিনৰ অলেখ শুভকামনা দেউতা। ❤️


You showed me the simple ways of life. You sowed the seed of respect, love & faith in the universe, in my subconscious. You showed me the honest path of life. You embedded much more than music in me and all that non imposingly! I miss you everyday Deuta. Happy birthday to you. ❤️

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here