'বিজেপি দলৰ আৰ্শীবাদ যাত্রা অভিশাপ যাত্ৰা হ'ব-অপূৰ্ব কুমাৰ ভট্টাচাৰ্য - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 13 August 2021

'বিজেপি দলৰ আৰ্শীবাদ যাত্রা অভিশাপ যাত্ৰা হ'ব-অপূৰ্ব কুমাৰ ভট্টাচাৰ্য






W7s News ষ্টাফৰিপোৰ্টাৰ : 'বিজেপি দলৰ আৰ্শীবাদ যাত্রা অভিশাপ যাত্ৰা হ'ব-এই ভাষ্য অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ। শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকজনে লগতে কয় '  'এফালে ক'ভিডৰ নামত জনতাক পণবন্দী কৰিছে আনফালে বিজেপি চৰকাৰে আৰ্শীবাদ যাত্রা কৰিবলৈ ওলাইছে। এইয়া আৰ্শীবাদ যাত্রা নহয় অভিশাপ যাত্ৰা হ'ব। ক'ভিড অতিমাৰী ৰোধত ব্যৰ্থ অসম চৰকাৰ আৰু বিজেপি দললৈ আহবান সস্তীয়া ৰাজনীতিৰ নামত 

'আৰ্শীবাদ যাত্রা' ৰূপায়িত  কৰি ৰাজ্যবাসীক আৰু মৃত্যু মুখলৈ ঠেলি নিদিব। নহলে 'আৰ্শীবাদ যাত্রা'

 অভিশাপ যাত্রা হ'ব। আনহাতে অখিল গগৈ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ অখিল গগৈক জ্যোতিষী আখ্যা দিয়ে।  তেওঁ কয় ' অখিল গগৈ জ্যোতিষী বুলি জনা নাছিলো।কৃষক নেতা বুলি জানিছিলো , এতিয়া বিধায়ক হল। তেওঁ এজন জন প্ৰতিনিধিৰ মৰ্য্যদা ৰখাৰ লগতে দায়িত্বশীল ব্যক্তিৰ পৰিচয় দিয়ক। 

বন্ধুত্বৰ হাত আগবঢ়ালে বন্ধুত্বৰ পৰিচয় দিব লাগে, বন্ধুত্বৰ সংজ্ঞা তথা নিয়ম ৰক্ষা কৰা উচিত। অখিল গগৈ কংগ্ৰেছৰ মুখপাত্ৰ নহয়।  কোন অভিজ্ঞ কোন অনভিজ্ঞ ক'বলৈ সেইবিষয়ে ক'বলৈ কংগ্ৰেছে তেওঁক মুখপাত্ৰ কৰি ৰখা নাই। তেওঁ বিজেপি দলৰ মুখপাত্ৰৰ ভূমিকা ললে আমাৰ কৰণীয় কি থাকিব।

তেওঁ দুই নাৱত দুই ভৰি থয়। বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰিবলৈ আমি মহাজোট কৰিছোঁ। আমি উপনির্বাচনৰ বাবে সাংগঠনিক শক্তি অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছোঁ।দিল্লীত বি জে পি ৰ চৰকাৰ গঠন কৰাৰ পৰাই গণতন্ত্ৰক হত্যা কৰা হ'ল,য'ত চলিছে স্বৈৰাচাৰিতা,অপশাসন। ব্যক্তিগতকৰণৰ বাবে লাভ হব পুঁজিপতিৰ। দেশী -বিদেশী মালিকানাধীন ব্যক্তিগত কোম্পানীক গতাই কলা অধ্যায় ৰচিছে।ৰাষ্ট্ৰীয়কৃত বীমা কোম্পানীৰ ব্যক্তিগতকৰণ ২০১৪ চনৰ পৰা আমাৰ দেশত পৰিকল্পিতভাৱে গণতন্ত্ৰক হত্যা কৰাৰ অভিযান আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো গণতান্ত্ৰিক অনুষ্ঠানৰ কৰ্তৃত্ব বিনষ্ট কৰি একনায়কত্ববাদী শাসন চলাইছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে দেশৰ জনসাধাৰণৰ স্বাৰ্থত সাধাৰণ বীমা কোম্পানীক ৰাষ্ট্ৰীয়কৃত কৰিছিল যাতে জনগণৰ স্বাৰ্থ সুৰক্ষিত হয়। কিন্তু ১১ আগষ্টত  বিজেপি চৰকাৰে দেশৰ পবিত্ৰ সংসদক দুৰ্গস্বৰূপ কৰি, সংখ্যাগৰিষ্ঠতাৰ সুযোগ লৈ “সাধাৰণ বীমা কোম্পানী“ সমূহক চৰকাৰী তালিকাৰ পৰা আতঁৰাই বন্ধু উদ্যোগপতি সকলৰ স্বাৰ্থত “ব্যক্তিগতকৰণ“ অভিযানৰ বন্দোৱস্ত কৰিলে। ৰাজ্যসভাত বিৰোধীপক্ষক বক্তব্য ৰখাৰ সুযোগ নিদি মাৰ্শ্বাল লগাই “ব্যক্তিগতকৰণ বিধেয়ক“ গৃহীত কৰিলে। আজিৰ পৰা সাধাৰণ বীমা কোম্পানী সমূহে প্ৰদান কৰা সুবিধাৰ পৰা দেশবাসী বঞ্চিত হ'ব। “সাধাৰণ বীমা  ব্যৱসায় (ৰাষ্ট্ৰীয়কৰণ) আইন  সংশোধনী বিধেয়ক অনুসৰি, ৰাষ্ট্ৰীয়কৃত বীমা কোম্পানীত বাধ্যতামূলক ভাৱে থাকিবলগীয়া চৰকাৰৰ ৫১ শতাংশ কৰ্তৃত্বৰ বিলোপ ঘটিল। যাৰ পৰিণতিত দেশী বা বিদেশী যিকোনো পুঁজিপতিৰ স্বাৰ্থত গৃহীত এই আইনক বাধা দিয়া ক্ষমতা আৰু কাৰো নাথাকিব। ইয়াৰ পূৰ্বে, মোডী চৰকাৰে কয়লা খনন, প্ৰতিৰক্ষা, মহাকাশ, পৰমাণু ক্ষেত্ৰতো  ব্যক্তিগত মালিকানাৰ স্বাৰ্থত সংস্কাৰ সাধন কৰি দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰতো বিদেশী ৰাষ্ট্ৰক বিনিয়োগ কৰাৰ সুবিধা প্ৰদান কৰিছে। অতিমাৰীৰসময়ত জনসাধাৰণক মৃত্যুৰ মুখলৈ ঠেলি দি মোডী চৰকাৰে নিজস্ব বিশ্বাসৰ পৰা এই সংস্কাৰ সাধন কৰিছে।  এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ বিলগ্নিকৰণ বিভাগৰ সচিব তুহিন পাণ্ডেই চিআইআইৰ সভাত জনাইছে যে, বিজেপি চৰকাৰে চৰকাৰী সম্পত্তি সমূহ ব্যক্তিগতখণ্ডৰ হাতত তুলি দি ৬ লাখ কোটি টকা নিজৰ হাতলৈ অনাৰ পৰিকল্পনা কৰিছে। ইয়াৰ ভিতৰত পাৱাৰ গ্ৰীড্ কৰ্পোৰেচনৰ আন্ত:গাঠনি, ৰাষ্ট্ৰীয় ঘাইপথ । চলিত বছৰতেই এয়াৰ ইণ্ডিয়া, ভাৰত পেট্ৰলিয়াম, শ্বিপিং  কৰ্পোৰেচন, পৱনহংস, বিইএমএল ৰ দৰে সংস্হাৰ ব্যক্তিগতকৰণ হব। ইয়াৰ পিছত “জীৱন বীমা নিগম“ ৰ শ্বেয়াৰ বজাৰত বিক্ৰী হব। এইয়াই বিজেপিৰ “সবকা সাথ সবকা বিকাশ“ নে, সবকা বিনাশ আউৰ আদানী – আম্বানী কা বিকাশ হৈছে সেয়া স্পষ্ট হৈ পৰিছে। আনহাতে দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস আমি ক'ভিড বিধি মানি পালন কৰিম। ১৫ আগষ্টৰ বাবে এখন কমিটি গঠন কৰি জিলাই জিলাই ১৪ আৰু ১৫ আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। ইতিমধ্যে দলৰ সভাপতি ভূপেন কুমাৰ বৰাই জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীক অধ্যক্ষ, প্ৰাক্তন সাংসদ বলীন কুলীক উপাধ্যক্ষ আৰু নৃপেন ঠাকুৰীয়াক আহবায়ক হিচাপে লৈ এখনি ৰাজ্যিক পৰ্য্যায়ৰ সমিতি গঠন কৰি দিছে। অনুৰূপ ধৰণে জিলা পৰ্য্যায়তো একোখন সমিতি গঠন কৰা হ'ব। বৰ্ষজোৰা কাৰ্য্যসূচীৰ অংশ হিচাবে ১৪ আগষ্টত বিয়লিৰ ভাগত জিলাস্থ শ্বহীদ পৰিয়াল, মুক্তিযোদ্ধাৰ পৰিয়ালক ক'ভিড বিধি মানিয়েই দলৰ জিলা সমিতিসমূহে প্ৰদেশ কংগ্ৰেছৰ দ্বাৰা নিযুক্ত তত্বাৱধায়ক সকলক লৈ “শ্বহীদ সন্মান দিৱস“ৰ  কাৰ্য্যসূচী পালন কৰিব।  ১৫ আগষ্টত পতাকা উত্তোলনৰ লগতে “স্বতন্ত্ৰতা যাত্ৰা“ৰ কাৰ্য্যসূচী পালন কৰা হ'ব।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here