অসমৰ বিপদাপন্ন আৰু আপুৰুগীয়া প্ৰাণী হলৌ বান্দৰৰ সংৰক্ষণ' শীৰ্ষক আলোচনাচক্ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 2 August 2021

অসমৰ বিপদাপন্ন আৰু আপুৰুগীয়া প্ৰাণী হলৌ বান্দৰৰ সংৰক্ষণ' শীৰ্ষক আলোচনাচক্ৰ

 




W7s News ষ্টাফৰিপোৰ্টাৰ:  সমগ্ৰ বিশ্বতে  ২০ টা প্ৰজাতিৰ হলৌ বান্দৰ পোৱা যায়।তাৰে এটা প্ৰজাতিৰ হলৌ বান্দৰহে উত্তৰ পূৰ্বাঞ্চলত পোৱা যায়।হলৌ বান্দৰৰ সংৰক্ষণ বাবে কেন'পী ব্যৱহাৰ কৰিব লাগে,এই মন্তব্য কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যপক ড° নাৰায়ণ শৰ্মাৰ।'অসমৰ বিপদাপন্ন আৰু আপুৰুগীয়া প্ৰাণী হলৌ বান্দৰৰ সংৰক্ষণ' শীৰ্ষক আলোচনাচক্ৰখনত অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে। উল্লেখ্য ক'ভিড সৃষ্ট পৰিৱেশৰ পিছত বন্যপ্ৰাণী পৰ্যটনে ন মাত্ৰা লাভ কৰিছে।ভাৰত পৰ্যটনৰ উদ্যোগত আৰু এন ই ফ'কাচ ডট কমৰ সহযোগত অনুষ্ঠিত হোৱা এই আলোচনাৰচক্ৰ খনত উপস্থিত থাকি বন বিভাগৰ মুখ্য বন সংৰক্ষক অমৃত চাহায়ে কয় ' হলৌ বান্দৰ সংৰক্ষণ বাবে বন বিভাগে পদক্ষেপ গ্ৰহণ কৰি আহিছে। বিশেষকৈ কেন'পী প্ৰস্তুত কৰা অথবা হলৌ বান্দৰ হোলোঙা পাৰত থকা অঞ্চলত ৰপৱে নিৰ্মাণ কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে।এই সম্পৰ্কে মুখ্যমন্ত্ৰী ৰ লগত আলোচনা হৈছে। আনহাতে আলোচনাচক্ৰ খনত অৰণ্যকৰ গৱেষক ড° দিলীপ  ছেত্ৰীয়ে হলৌ বান্দৰ সংৰক্ষণৰ সম্পৰ্কত বিশদভাৱে পৰামৰ্শ আগবঢ়ায়। আলোচনাচক্ৰত ভাৰত পৰ্যটনৰ ক্ষেত্ৰীয় সঞ্চালক শংখ শুভ্ৰ দেৱ বৰ্মনে পূব বিপদাপন্ন প্ৰজাতিৰ আৰু জৈৱ বৈচিত্ৰ্যৰ সম্পৰ্কে বক্তব্য আগবঢ়ায়। এন ই ফ'কাচ ৰ সহযোগত আয়োজিত আলোচনাচক্ৰখনত শিক্ষাৰ্থী,পৰ্যটক,প্ৰকৃতিপ্ৰেমী,অধ্যক্ষ লগতে বহু কেইগৰাকী সাংবাদিকে অংশগ্ৰহণ কৰে।অনুষ্ঠানত এন ই ফ'কাচ ডট কমৰ সম্পাদক সংগীতা শইকীয়া আৰু সংগীতা ভট্টাচাৰ্য্যই অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here