আই এছ বি টি ত বাছ চালক সংস্থাৰ সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 18 August 2021

আই এছ বি টি ত বাছ চালক সংস্থাৰ সংবাদ মেল

 






W7s News নিউজ ডেস্ক: আই এছ বি টি ত সদৌ অসম বেচৰকাৰী দিবা নৈশ বাছ চালক সন্থাই বুধবাৰে সংবাদ মেলৰ আয়োজন কৰে। সংবাদ মেলত সন্থাৰ সম্পাদক ৰূপম দত্তই কয় 'আমি মাস্ক পিন্ধা এৰি দিছোঁ'। আমি বিচাৰো আমাৰ কৰ'না হওঁক।আমাৰ ল’ৰা ছোৱালী কেইটা ভোকত থকাটো আমি চাব নোৱাৰা হৈছো।মুখ্যমন্ত্ৰী ছাৰ,এবাৰ আমাক চাওঁক। চৰকাৰে ঘোষণা কৰা এছ অ’ পিক লৈ বাছ-চালক সন্থাই অসন্তুষ্টি প্ৰকাশ কৰে।"হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিয় আমাক পাহৰি গ’ল? মুখ্যমন্ত্ৰী ছাৰ, আপোনাৰ অসমৰ এই চালক নামৰ জাতিটোৱে আপোনাৰ বাবে বাট চাই ৰৈছে। চালক নামৰ অসমত বাস কৰা এটা জাতি আছে, এবাৰ চকু মেলি চাওঁক আমাক ছাৰ। কালি আন্ত:জিলা যাতায়ত খোলাৰ আশা কৰিছিলো, কিন্তু নিৰাশা কৰিলে। মালিকক আমি টকা খুজিব নোৱাৰা হৈছো,এবাৰ আপোনালোকে আমাক চাওক। আমাৰ ল’ৰা ছোৱালী কেইটা ভোকত থকাটো আমি চাব নোৱাৰা হৈছো,ঘৰলৈ উভতি যাব নোৱাৰা হৈছো,আমি ইয়াতে মৰি যাম।' সংবাদ মেলত সন্থাৰ অন্যান্য সদস্য সকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here