ক'ভিড প্ৰট'কল মানি আন্ত:জিলা যাতায়াত আৰম্ভ কৰিবলৈ চৰকাৰক দাবী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 18 August 2021

ক'ভিড প্ৰট'কল মানি আন্ত:জিলা যাতায়াত আৰম্ভ কৰিবলৈ চৰকাৰক দাবী

 W7s News ষ্টাফৰিপোৰ্টাৰ: অসমত চলাচল কৰা প্ৰায় ২০, ০০০ যাত্ৰীবাহী বাহন আজি মাহৰ পাছত মাহ বন্ধ হৈ ধ্বংস হ'বলৈ ওলাইছে।ইয়াৰ লগত প্ৰতিখন গাড়ীৰ বিপৰীতে জড়িত ১১ জনকৈ লোক আছে আৰু আজি ২২ লাখ লোক অন্ন -বস্ত্ৰৰ চিন্তাত হাবুডুবু খাই আছে।ক'ভিড প্ৰট'কল মানি আন্ত:জিলা যাতায়াত আৰম্ভ কৰিবলৈ চৰকাৰক দাবী জনাইছোঁ


। 'পৰিবহন ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে এক ইতিবাচক চিন্তা কৰি আন্ত:জিলা যাতায়াত খুলি দিয়াৰ বাবে দাবী জনাইছে সদৌ অসম মটৰ পৰিবহন সন্থাই। সন্থাৰ সচিব প্ৰধান প্ৰদীপ দাসে এই সন্দৰ্ভত কয় '

২০১৯ চনৰ 'কা' আন্দোলন আৰু ইয়াৰ পাছত ২০২০ চনৰ পৰা ২০২১ চনৰ ১৬ আগষ্ট পৰ্যন্ত ক'ভিডৰ প্ৰথম আৰু দ্বিতীয় লহৰে অসমৰ সমূহ ব্যৱসায়িক যান-বাহনৰ অপুৰণীয় ক্ষতিসাধন কৰিছে।

এই বিষয়ত চৰকাৰৰ একো কৰণীয় নাই বুলি সন্তুষ্টি লাভ কৰাত আমি হতাশগ্ৰস্ত আৰু মৰ্মাহত হৈছোঁ। অসমত চলাচল কৰা প্ৰায় ২০, ০০০ যাত্ৰীবাহী বাহন আজি মাহৰ পাছত মাহ বন্ধ হৈ ধ্বংস হ'বলৈ ওলাইছে। ইয়াৰ লগত প্ৰতিখন গাড়ীৰ বিপৰীতে জড়িত ১১ জনকৈ লোক আছে আৰু আজি ২২ লাখ লোক অন্ন -বস্ত্ৰৰ চিন্তাত হাবুডুবু খাই আছে। অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নতুন এছ অ' পি যোগে আন্তঃজিলাৰ শিথিলতা প্ৰদান কৰি ব্যক্তিগত গাড়ীৰ চলাচল কৰাৰ অনুমতি দিলে কিন্তু আমাক অবজ্ঞা কৰিলে।আমি ক'ভিড প্ৰট'কল মানি আন্ত:জিলা যাতায়াত আৰম্ভ কৰিব পাৰোঁ। এই ব্যৱস্থা কৰিলে অন্ততঃ ২২ লাখ মানুহৰ লগতে আৰ্থিকভাৱে পিছপৰা সাধাৰণ নাগৰিক উপকৃত হ'ব। দেশৰ অন্য ৰাজ্যৰ দৰে আমাকো চৰকাৰে আৰ্থিক পেকেজ যাতে দিয়ে তাৰবাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনালোঁ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here