কামৰূপৰ উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰশাসনিক বিষয়া থানেশ্বৰ কলিতাৰ অৱসৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 31 August 2021

কামৰূপৰ উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰশাসনিক বিষয়া থানেশ্বৰ কলিতাৰ অৱসৰ

 




W7s News গুৱাহাটী : কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰশাসনিক বিষয়া থানেশ্বৰ কলিতাই মঙলবাৰে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ ১৯৮৭ চনৰ ৩ জুলাইত তেতিয়াৰ অবিভক্ত কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰত মৌজা সহায়ক হিচাপে কলিতাই চৰকাৰী চাকৰি জীৱন আৰম্ভ কৰিছিল৷ সুদীৰ্ঘ ৩৪ বছৰ ১ মাহ ২৭ দিনীয়া চাকৰিৰ কাৰ্যকালত তেওঁ দুটাকৈ পদোন্নতি লাভ কৰি প্ৰশাসনিক বিষয়া হিচাপে মঙলবাৰে অৱসৰ গ্ৰহণ কৰে৷  উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত মঙলবাৰে জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত বিষয়াগৰাকীক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱাৰ লগতে পেন্সনত পাবলগীয়া গ্ৰেচ্যুইটিকে ধৰি অন্যান্য সুবিধাৰ নিৰ্দেশ পত্ৰও আনুষ্ঠনিকভাৱে প্ৰদান কৰা হয়৷ সভাত সকলোৱে কলিতাই নিষ্ঠাসহকাৰে আগবঢ়োৱা সেৱাৰ শলাগ লোৱাৰ লগতে তেওঁৰ সৰল আৰু অমায়িক স্বভাৱৰ কথা অকপটে স্কীকাৰ কৰে৷ সভাত অৱসৰী বিষয়া কলিতাই সুদীৰ্ঘ চাকৰি জীৱনৰ অভিজ্ঞতাৰ বিষয়ে সুঁৱৰি সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে৷ সভাপতিৰ ভাষণ প্ৰসংগত উপায়ুক্তগৰাকীয়ে কলিতাই চাকৰিৰ কাৰ্যকালত নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ দৰে এতিয়া সেই একেই নিষ্ঠা আৰু দায়বদ্ধতাৰে অথচ চৰকাৰী বাধ্যবাধকতাৰ আওতাৰ বাহিৰত থাকি  সমাজলৈ সেৱা আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে৷ তেওঁ লগতে অন্যান্য কৰ্মচাৰীসকলকো কলিতাৰ আদৰ্শ ল’বলৈ আহ্বান জনাই কলিতাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে৷ সভাত জিলা উন্নয়ন আয়ুক্ত নৰসিং বে, অতিৰিক্ত উপায়ুক্তত্ৰয় ক্ৰমে প্ৰশান্ত প্ৰতীম কাঠকটীয়া, প্ৰণৱ দত্ত গোস্বামী, মানালী জৈনকে ধৰি কাৰ্যালয়ৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here