চি পি আই (এম ) ৰ সংবাদমেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 31 August 2021

চি পি আই (এম ) ৰ সংবাদমেল


 


জনবিৰোধী নীতিৰ বিৰুদ্ধে ব্যাপক আন্দোলনৰ প্ৰস্তুতি


গো-সুৰক্ষা বিধেয়কৰ বিৰুদ্ধে ১৪ ছেপ্টেম্বৰত ৰাজ্যজুৰি প্ৰতিবাদৰ আহ্বান চি পি আই (এম ) ৰ



W7s News ষ্টাফৰিপোৰ্টাৰ: গো-সুৰক্ষা বিধেয়কৰ বিৰুদ্ধে ১৪ ছেপ্টেম্বৰত ৰাজ্যজুৰি প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰিব চি পি আই (এম ) এ। মঙলবাৰে চি পি আই (এম ) ৰ হেদায়েটপুৰস্থিত কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰী কৰে  চি পি আই (এম )ৰ অসম ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্যই। তেওঁ লগতে কয় ' নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে শেহতীয়াভাবে গ্ৰহণ কৰা এলানি সিদ্ধান্তৰ মাজেৰে দেশৰ জনসাধাৰণৰ বিৰুদ্ধে কাৰ্যত : যুদ্ধ ঘোষণা কৰিছে। গো-সুৰক্ষা বিধেয়কৰ ফলত গৰু কিনা-বেচাৰ প্ৰক্ৰিয়া গুৰুতৰভাৱে হ্ৰাস কৰিব। যাৰ পৰিণতিত হিন্দু-মুছলমান নিৰ্বিশেষে সকলো গোপালক আৰু খেতিয়কে আৰ্থিকভাৱে লোকচান ভৰিব লাগিব। সাম্প্ৰদায়িক আৰু ভাৰতীয় সংবিধানৰ মৌলিক নীতিৰ পৰিপন্থী এই বিধেয়কখনৰ বিৰুদ্ধে আমি পষেকজোৰা প্ৰচাৰ আৰু প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ। আমাৰ কর্মী সকলে পহিলা ছেপ্টেম্বৰৰ পৰা গো পালক আৰু খেতিয়ক সকলৰ ওচৰলৈ গৈ অসম গো-সুৰক্ষা বিধেয়ক, ২০২১ সম্পৰ্কে আমি প্রকাশ কৰা প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিব আৰু বিধেয়কখনৰ ক্ষতিকাৰক দিশসমূহ ব্যাখ্যা কৰিব। প্ৰচাৰ অভিযানৰ অন্তত ১৪ ছেপ্টেম্বৰত জিলা  সদৰসমূহত এই বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব।

তদুপৰি এইখন চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ ইতিমধ্যে আদানি গোষ্ঠীলৈ হস্তান্তৰ কৰা বিজেপি চৰকাৰে অসমৰ আন বহুতো ৰাজহুৱা সম্পদ আৰু প্ৰতিষ্ঠান বেচৰকাৰীকৰণ কৰিব। সংবাদমেলত দলৰ কেন্দ্ৰীয় কমিটিৰ সদস্য সুপ্ৰকাশ তালুকদাৰে কয় ' আমি মূল্য বৃদ্ধিৰ লগতে ৰাজ্যৰ অন্যান্য জলন্ত সমস্যা সমূহক লৈ ১৫ ছেপ্টেম্বৰৰ পৰা ৰাজ্যজোৰা প্ৰচাৰ অভিযান আৰম্ভ কৰিম। তদুপৰি ছেপ্টেম্বৰ মাহৰ শেষৰ সপ্তাহত মহকুমাধিপতিৰ কাৰ্যালয়, উপ-প্ৰতি সমাহৰতা, খণ্ড  উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰা হ'ব। তদুপৰি আধাৰ কার্ডৰ পৰা বঞ্চিত কৰি ৰখা প্ৰায় ২৭ লাখ লোকক শীঘ্ৰে আধাৰ কাৰ্ড প্ৰদান কৰাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰ আৰু এন আৰ চি কৰ্তৃপক্ষৰ ওচৰত দাবী জনালোঁ। ' সংবাদমেলত দলৰ ৰাজ্যিক কমিটিৰ সদস্য ইছফাকুৰ ৰহমানে কয় ' চি পি আই (এম ) ৰ ২৩ সংখ্যক  মহাসন্মিলনখন ২০২২ চনৰ এপ্ৰিল মাহত কেৰালাৰ কান্নুৰ চহৰত অনুষ্ঠিত হ'ব। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে দলৰ ২৩ সংখ্যক ৰাজ্যিক সন্মিলন খন ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত শিলচৰ চহৰত অনুষ্ঠিত কৰাৰ বাবে দলৰ ৰাজ্যিক কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। তদুপৰি ২৬ ডিচেম্বৰত স্বাধীনতা সংগ্ৰামী আৰু অসমত কমিউনিষ্ট আন্দোলনৰ পুৰোধা ব্যক্তি, চি পি আই (এম) ৰ অন্যতম প্ৰতিষ্ঠাপক নন্দেশ্বৰ তালুকদাৰৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান গুৱাহাটীৰ মাছখোৱাৰ আই টি এ সাংস্কৃতিক প্ৰকল্পত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব।' সংবাদমেলত দলৰ ৰাজ্যিক কমিটিৰ সদস্য অজিত দাস উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here