নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ৰাজ্যজোৰা প্ৰতিবাদী কাৰ্যসূচী: - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 26 August 2021

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ৰাজ্যজোৰা প্ৰতিবাদী কাৰ্যসূচী:

 




 মূল্যবৃদ্ধি ৰোধ,নাৰীৰ 

 ওপৰত সংঘটিত হিংসা হত্যা প্ৰতিৰোধকে ধৰি ৰাইজৰ জ্বলন্ত সমস্যা সমাধানৰ দাবীত অঞ্চলে অঞ্চলে পোষ্টাৰিং, প্ৰতিবাদী সমদল,ধৰ্ণাযোগে দাবী সম্বলিত স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ


    


W7s News ষ্টাফৰিপোৰ্টাৰ : বিজেপি নেতৃত্বাধীন চৰকাৰে দেশ, ৰাজ্যৰ শাসনভাৰ লোৱাৰ পিছৰ পৰাই বিভিন্ন জনবিৰোধী আইন প্ৰণয়ন কৰি ৰাইজৰ আৰ্জিত অধিকাৰ হৰণ কৰাৰ উপৰি অধিক হেচা আৰু আক্ৰমণ নমাই আনিছে। দ্ৰব্য মূল্য বৃদ্ধিয়ে ৰাইজৰ ৰাজহাড় ভাঙিছে। পে'ট্ৰল ডিজেলত অত্যধিক কৰ আৰোপ কৰি বয়বস্তুৰ দাম আৰু যাতায়তৰ ভাড়া বৃদ্ধিৰ ব্যৱস্থা কৰিছে। এই সম্পৰ্কে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ অসম ৰাজ্যিক কমিটিৰ

 সভানেত্ৰী দীপ্তি বৰচেতিয়া আৰু সম্পাদক নিয়তি বৰ্মনে কয় '১০০ টকীয়া পেট্ৰলৰ ৬৫ টকা কেন্দ্ৰ, ৰাজ্য চৰকাৰে আৰোপ কৰা কৰ।খাদ্য সামগ্ৰী, ঔষধকে ধৰি নিত্য ব্যৱহাৰ্য বয়বস্তুৰ অত্যধিক মূল্যবৃদ্ধিয়ে ৰাইজক অতিষ্ঠ কৰিছে। বৰ্তমান ৰাজ্যত শিশু কন্যাকে ধৰি কিশোৰী যুৱতী মহিলাৰ ওপৰত ভয়াবহ ভাবে ধৰ্ষণ হত্যাৰ ঘটনা সংঘটিত হৈ আছে। সমগ্ৰ দেশতে মহিলাৰ ওপৰত অত্যাচাৰ নিপীড়ন অভূতপূৰ্ব ভাৱে বাঢ়িছে। নেচনেল ৰেকৰ্ড ব্যুৰ'ৰ ২০১৯ চনৰ পৰিসংখ্যা অনুসৰি মহিলাৰ বিৰুদ্ধে অপৰাধ একেৰাহে তৃতীয় বাৰৰ বাবে অসমত, দেশৰ ভিতৰতে সৰ্বাধিক। বিজেপি মিত্ৰজোঁট শাসিত অসমত বিগত ৫ বছৰত ১,১৩৩০৯টা নাৰীজনিত অপৰাধৰ ঘটনা ঘটিছে। ইয়াৰ ৯০৮৪টা ধৰ্ষণৰ ঘটনাৰ ভিতৰত ২০০ টা দলবদ্ধ ধৰ্ষণৰ ঘটনা। উদ্বেগ জনক ভাৱে বাঢ়িছে নাৰী সৰবৰাহ, যৌন অপৰাধৰ ঘটনা, ধৰ্ষণ হত্যাৰ ঘটনা।চলিত মাহৰ ২১ আগষ্টত ধেমাজি জিলাৰ মৰীঢল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়া আৰু কাশ্মীৰা দত্তক ৰিন্টু শৰ্মা নামৰ বৰ্বৰ যুৱক জনে ৰাজপথত চোকা অস্ত্ৰ ৰে  ঘপিয়াই গুৰুতৰ ভাৱে আহত কৰে। নন্দিতাৰ  চিকিৎসাধীন অৱস্থাত ২৫ আগষ্টত অতি কৰুণ ভাৱে মৃত্যু হয়। ২৫ আগষ্টত কামৰূপৰ চাংচাৰিতো চোকাঅস্ত্ৰেৰে যুৱতী এগৰাকীক ঘপিয়াই গুৰুতৰ ভাৱে আহত কৰিছে। হত্যা, ধৰ্ষণ হত্যাৰ ঘটনা প্ৰতিদিনে ঘটি আছে । ক'ভিড-১৯ সৃষ্ট জটিল পৰিস্থিতিত আমি সকলোৱে আক্ৰান্ত। বহু লোকে কাম হেৰুৱাই বিপদত পৰিছে। সংস্থাপনৰ সমস্যা আৰু আৰ্থিক সংকটত বহুতো আত্মহত্যাৰ ঘটনা ঘটিছে।কাম হেৰুওৱা এই পৰিয়াল সমূহক আৰ্থিক সাহায্য আৰু সংস্থাপনৰ ব্যৱস্থা চৰকাৰে অতি সোনকালে কৰিব লাগে।আনহাতে ক'ভিড প্ৰতিৰোধৰ বাবে ভেকচিন প্ৰক্ৰিয়া সাৰ্বজনীন কৰিব লাগে। বহু লোকে ভেকচিন ল'বলৈ গৈ ভেকচিন নাটনিৰ ফলত ল"ব নোৱাৰি উভটি আহিব লগীয়া হৈছে। ক'ভিড কালিন এই জটিল সময়তেই চৰকাৰে তিনিখন কৃষক বিৰোধী আইন প্ৰণয়ন কৰিছে আৰু শ্ৰমিক আইন সংশোধন কৰিছে।দেশৰ উৎপাদনৰ লগত জড়িত মূল শক্তি কৃষক-শ্ৰমিকক এই আইনৰ দ্বাৰা দেশী বিদেশী বৃহৎ ব্যৱসায়ীৰ চিৰযুগমীয়া ক্ৰীতদাসত পৰিণত কৰিব।গো-সুৰক্ষা আইন প্ৰণয়ন কৰি আৰ্থিক আৰু সামাজিক ভাৱে ৰাইজক জুৰুলা কৰাৰ কৌশল লৈছে। চৰকাৰে দেশৰ লাভ জনক শিল্পানুষ্ঠান সমূহ দেশী বিদেশী বৃহৎ উদ্যোগ পতিৰ হাতলৈ হস্তান্তৰ কৰি আছে। ৰাইজৰ মাজত বিভেদ সৃষ্টিৰ বাবে  সাম্প্ৰদায়িক বিষবাষ্প‌ বিয়পাই থকা হৈছে।অন্ধবিশ্বাস, কুসংস্কাৰ দিনে দিনে বৃদ্ধি পাইছে। ছাত্ৰ, যুৱ,মহিলা,কৃষক,শ্ৰমিক, কৰ্মচাৰী সকলো অংশৰ ৰাইজ আজি আক্ৰান্ত ।আমাৰ সকলোৰে নিৰাপত্তাৰ দাবীত সকলো অংশৰ ৰাইজ ঐক্যবদ্ধ হওঁ আহক।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here