W7s News গুৱাহাটী: ক'ভিডকালীন পৰিস্থিতিত মেধাৱী শিক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ গুৱাহাটীৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান ইউনিক ল' ইনষ্টিটিউতে ৰাজ্যত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছে টেটৰ অনলাইন কোচিং। শিক্ষা বিভাগৰ অধীনত অনুষ্ঠিত হ'বলগীয়া আগন্তুক টেট পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা শিক্ষাৰ্থীৰ কাৰণে বিশেষভাবে প্ৰস্তুত কৰা হৈছে এই এমহীয়া টেট কোচিঙৰ পাঠ্যক্ৰম। প্ৰাথমিক (এল পি) আৰু উচ্চ প্ৰাথমিক (ইউ পি) পৰ্যায়ৰ টেটৰ বাবে ৬ ছেপ্টেম্বৰৰপৰা আৰম্ভ হ'বলগীয়া এই অনলাইন কোচিঙত নামভৰ্তি কৰিব বিচৰা শিক্ষাৰ্থীসকলে যাৱতীয় তথ্যৰ বাবে ৮৮২২৮৪২৪৪৪ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব। অভিজ্ঞ শিক্ষকৰদ্বাৰা পৰিচালিত হ'বলগীয়া এই এমহীয়া কোচিঙৰ আসনৰ সংখ্যা অতি সীমিত। উন্নত মানৰ কোচিঙৰ জৰিয়তে শিক্ষাৰ্থীসকলে যাতে সফলতাৰে টেটত উত্তীর্ণ হৈ চৰকাৰী সংস্থাপন লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ইউনিক ল' ইনষ্টিটিউতে আৰম্ভ কৰিছে এই অনলাইন পাঠ্যক্ৰম।
No comments:
Post a Comment