অসম পাব্লিক ৱৰ্কছৰ সংবাদমেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 31 August 2021

অসম পাব্লিক ৱৰ্কছৰ সংবাদমেল

 





W7s News ষ্টাফৰিপোৰ্টাৰ : অসম পাব্লিক ৱৰ্কছে মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত অসম পাব্লিক ৱৰ্কছৰ হৈ অভিজিত শৰ্মাই কয় 'উচ্চতম ন্যায়ালয়ে দিয়া ৰায় অনুসৰি ২০১৯ ৰ ৩১আগষ্টত প্ৰকাশ পোৱা এন আৰ চি চূড়ান্ত নহয় , পৰিপূৰক তালিকাহে। প্ৰতীক হাজেলাই বিভ্ৰান্ত কৰিলে ৰাইজক। প্ৰকাশ হোৱা এন আৰ চি প্ৰস্তুতকৰনত হোৱা বিসংগতি, দুৰ্নীতি-বিত্তীয় কেলেংকাৰী,তথ্য জালিয়াতিৰ অভিযোগ সত্য প্ৰমাণিত হৈছে।  বৰ্তমানৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত বিসংগতি সন্দৰ্ভত তথ্য সহকাৰে দাখিল কৰিছে শপতনামা ।অডিত ৰ প্ৰতিবেদনত ধৰা পৰিছে ৩৬০ কোটি টকাৰ বিসংগতি। ডাটা এন্ত্ৰী অপাৰেটৰৰ নামত ১৫৫.৮৩ কোটি টকাৰ অনিয়ম হৈছে।

জেনেৰেটৰ ক্ৰয়ৰ নামত ২১.০৬ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে।

২০১৭ চনত সংবাদমেল যোগে অভিযোগ কৰা হৈছিল যদিও আদালত অৱমাননাৰ অভিযোগ আনি আমাৰ মুখ বন্ধ কৰি থলে ৰঞ্জন গগৈয়ে। ৰঞ্জন গগৈৰ ভুলৰ বাবেই এই দুৰ্নীতি সংঘটিত হ'ল । তেওঁ হাজেলাক অন্ধভাৱে সমৰ্থন কৰিছিল।ধুবুৰী, কোকৰাঝাৰ, চিৰাং,বঙাইগাঁও,দক্ষিণ শালমৰাকে ধৰি মুঠ কেইবাখনো জিলাত এশ শতাংশ পুনৰীক্ষণৰ দাবী।এন আৰ চি'ৰ বাবে ২৭ লাখ লোকে ভুগি আছে । বায়মেট্ৰিকৰ নামত আধাৰ বনাব পৰা নাই।  আমি উচ্চ ন্যায়ালয়ত অডিত ৰিপোৰ্ট লৈ এটা পি আই এল কৰিম , চি বি আই , ই ডি'ৰ তদন্ত দাবী কৰিম।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here