সংযুক্তা পৰাশৰ ডিজাইন কৰা পাটৰ মেখেলা চাদৰ সমাদৃত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 7 August 2021

সংযুক্তা পৰাশৰ ডিজাইন কৰা পাটৰ মেখেলা চাদৰ সমাদৃত

 মোহময়ী চিত্ৰাংগদা সিঙে ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰ দিৱসত পৰিধান কৰিলে পাটৰ মেখেলা-চাদৰ


 




W7s News নিউজ ডেস্ক :  

অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে। সেয়ে হয়তো অসমৰ পাট-মুগা শিল্পৰ এক সুকীয়া সমাদৰ আছে। অসমৰ পাট-মুগা শিপ্প এতিয়া কেৱল অসমতে সীমাবদ্ধ হৈ থকা নাই, সমগ্ৰ বিশ্বতে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত অসমৰ এগৰাকী ফেশ্যন ডিজাইনাৰে বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। অসমৰ ফেশ্যন ডিজাইনাৰ সংযুক্তা দত্তৰ প্ৰচেষ্টাৰ বাবে মোহময়ী অভিনেত্ৰী চিত্ৰাংগদা সিঙক শনিবাৰে দেখা গ'ল পাটৰ সাজত। তেওঁ পার্ল হোৱাইট ৰঙৰ পাটৰ মেখেলা চাদৰ পৰিধান কৰি ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰ দিৱসত অসমৰ শিল্পকলা তথা শিল্পীক ভুয়সী প্ৰশংসা কৰিলে ।  অভিনেত্ৰীগৰাকীয়ে হাতে বোৱা কাপোৰৰ প্ৰশংসা কৰে। লগতে এই কাপোৰযোৰ পৰিধান কৰি আনন্দিত বুলি সংবাদ মাধ্যমক জনায়। শনিবাৰে অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্রামপোষ্টযোগে মেখেলা-চাদৰ পৰিহিত তেওঁৰ এখন ফটো শ্বেয়াৰ কৰে। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত অসমৰ বস্ত্ৰ উদ্যোগ তথা এই উদ্যোগটোৰে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ সন্মান জনালে অভিনেত্ৰীগৰাকীয়ে ।শনিবাৰে অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰাম পোষ্টযোগে চাদৰ-মেখেলা পৰিহিত তেওঁৰ এখন সুন্দৰ ফটো শ্বেয়াৰ কৰে । পাৰ্ল হোৱাইটৰ ৰঙৰ চাদৰৰ পাৰী আৰু আঁঁচলত ডাঠ গুলপীয়া ৰঙৰ ডিজাইন কৰা আছে । একেদৰে পাৰ্ল হোৱাইটৰ ৰঙৰ মেখেলাত আছে ডাঠ গুলপীয়া ৰঙৰ ডিজাইন । চিত্ৰাংগদাই বগা ৰঙৰ শ্লিভলেছ ব্লাউজৰ সৈতে চাদৰ-মেখেলাযোৰ পৰিধান কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে, অসমৰ পৰম্পৰাগত সাজ-পোছাক জনপ্ৰিয় কৰি ৰখাৰ বাবে আৰু অসমৰ ঐতিহ্যৰ সুৰক্ষাৰ বাবে হস্ততাঁত শিল্পৰ জৰিয়তে সংযুক্তা দত্তই কৰা প্ৰয়াসৰ শলাগ ল’বলগীয়া ৷ ইয়াৰ উপৰিও তেওঁ ডিজাইনাৰগৰাকীৰ উজ্জল ভৱিষ্যতৰ বাবে শুভকামনা জ্ঞাপন কৰে ।উল্লেখ্য যে, ছবিৰ ক্ষেত্ৰত চিত্ৰাংগদাই শেহতীয়াকৈ 'বব বিশ্বাস' নামৰ ছবিখনৰ কাম সমাপ্ত কৰিছে । গুমকেতু, দেছি বইজ, বাজা" আদিকে ধৰি বহু কেইখন হিন্দী ছবিত অভিনয় কৰিছে ছিত্ৰাংগদাই । উল্লেখ্য, সমগ্ৰ দেশ জুৰি শনিবাৰে উদযাপন হ'ল ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰ দিৱস৷ এই দিৱস উপলক্ষে বলীউডৰৰ গ্লেমাৰ গাৰ্ল জনপ্ৰিয় অভিনেত্ৰী চিত্ৰাংগদা সিঙে পৰিধান কৰিলে অসমীয়া পাটৰ মেখেলা চাদৰ। ফেশ্যন জগতৰ এটা পৰিচিত নাম সংযুক্তা দত্তই ডিজাইন কৰা পাটৰ বস্ত্ৰযোৰ পৰিধান কৰি হস্ততাঁত উদ্যোগৰ উত্থান কামনা কৰাৰ লগতে ডিজাইনৰ গৰাকীৰ কৰ্মৰাজিক প্ৰশংসা কৰে অভিনেত্ৰী গৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে লগতে সুন্দৰ পাটৰ মেখেলা চাদৰ ডিজাইন কৰা সংযুক্তা দত্তৰ ভূয়সী প্ৰশংসা কৰে। লগতে  শিপিনী সকললৈ উৎসৰ্গিত কৰে। ক'ভিড পৰিস্থিতিৰ সময়ত বোৱানী শিপিনী সকলে এই শিল্প জীয়াই ৰখাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।এই সম্পৰ্কে ফেশ্যন ডিজাইনাৰ সংযুক্তা দত্তই সংবাদ মাধ্যমক কয় ' মেখেলা চাদৰ যোৰ ডিজাইন কৰিবলৈ ২০ ৰ পৰা ২৫  দিন সময়ৰ প্ৰয়োজন হোৱাৰ লগতে ১০০জন লোকৰ কঠোৰ শ্ৰমৰ ফলত এই মেখেলা চাদৰ যোৰ সম্পূৰ্ণ হৈ উঠৈ। এই পাটৰ সাজত চিত্ৰাংগদা সিঙক বৰ সুন্দৰ দেখা গৈছিল। তেওঁৰ লগত কাম কৰি যথেষ্ট ভাল লাগিল।আমাৰ বোৱানী, শিপিনী সকলৰ শিল্প কৰ্মৰ প্ৰশংসা এনেদৰে চেলিব্ৰেটিৰ জৰিয়তে লাভ কৰিলে তেওঁলোক যথেষ্ট উৎসাহিত হ'ব।' ইয়াৰ পূৰ্বেও সংযুক্তা দত্তই ডিজাইন কৰা অতি উন্নত মানৰ মেখেলা চাদৰ বলীউড অভিনেত্ৰী প্ৰীতি জিণ্টা, লাৰা দত্ত, বিপাশা বসুৰ আদিয়ে পৰিধান কৰি সৌন্দৰ্য দুগুণে বৃদ্ধি কৰৰ লগতে তেওঁৰ ব্যতিক্ৰমী ডিজাইনৰ ভূয়সী প্ৰশংসা কৰিছে। উল্লেখ্য, সমগ্ৰ দেশত প্ৰতি বছৰে ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয়। এই দিনটোত, চৰকাৰ আৰু অন্যান্য সংগঠনে দেশৰ আৰ্থ-সামাজিক বিকাশত তেওঁলোকৰ অপৰিসীম অৱদানৰ বাবে হস্ততাঁত বয়ন সম্প্ৰদায়ক সন্মানিত কৰি আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here